ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি চৰকাৰে ঘোষণা কৰা “হৰ ঘৰ তিৰংগা” অভিযানত আজি সেউজীয়াপাম আদিবাসী প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিশেষ সভা আৰু মৌচাক গোটৰ ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰৰ শুভাৰম্ভণী কৰা হয়। এই অনুষ্ঠানত জিলা উপস্থিত থাকে সোণাৰি পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ডআয়ুক্ত চাওঁ ভাস্কৰ বৰুৱা। 

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ "হৰ ঘৰ তিৰংগা" অভিযানৰ অধীনত জিলাবাসীক অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজ নিজ বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে জিলাখনৰ ৰাজহ চক্ৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় সমূহত মুকলি কৰা ত্ৰিৰংগা বিক্রী কেন্দ্ৰৰ পৰা আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা সকলোৱে ক্ৰয় কৰিব পাৰিব।