ডবকাত আজি সন্ধিয়া এটি কুখ্যাত এ টি এম কাৰ্ড চোৰক কৰায়ত্ব কৰে স্থানীয় ৰাইজে ৷ 

ৰাইজে উত্তম মাধ্যম সধাই গতাই দিয়ে ডবকা আৰক্ষীক ৷ 

ধৃত চোৰ নাম ইনামুল হক আৰু ঘৰ নগাওঁ বটদ্ৰৱা থানাৰ অন্তৰ্গত কদমনি গাৱত ৷ 

ধৃত চোৰটোৰ কৱলৰ পৰা বিভিন্ন বেংকৰ সাতখনকৈ এ টি এম কাৰ্ড জব্দ কৰে আৰক্ষীয়ে ৷ 

চোৰটোৱে আজি ডবকা ষ্টেট বেংকৰ তলত থকা এ টি এমৰ পৰা ধন ওলাবলৈ যাওঁতেই চোৰটোৱে কৌশলেৰে মহিলা গৰাকীৰ এ টি এম কাৰ্ড খন চুৰি কৰি পলাবলৈ ধৰে ৷ 

তেনে সময়তে মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত তাত থকা ৰাইজে চোৰটোক খেদি কৰায়ত্ব কৰে ৷ 

যোৱা কিছুদিন ধৰি ডবকাৰ বিভিন্ন এ টি এম ত এনেধৰনৰ অনুৰূপ ঘটনা সংগঠিত হৈ আছিল ৷ 

সম্প্ৰতি চোৰটোক মাৰাথান জেৰা অৱ্যাহত