চৰাইদেউত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰীৰ ব্যাপক অভিযান 

চৰাইদেউত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰীৰ ব্যাপক অভিযান

 চৰাইদেউ জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে জিলাখনৰ আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে। নিৰন্তৰভাবে চলাই অহা এই অভিযানসমূহত ইতিমধ্যে বহুহাজাৰ লিটাৰ অবৈধ সুৰা ধ্বংস কৰা হৈছে।

এই অভিযানৰ অংশ হিচাপে আজিও জিলাখনৰ সাপেখাতী আবকাৰীয়ে বৰহাট থানাৰ সহযোগত বৰপাত্ৰ চাহ বাগিচা, নগাশিলনি, ভূঞাখাট, চুটীয়াকাঁড়ী আদি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। আনফালে সোণাৰি আবকাৰী চক্ৰৰ অভিযানকাৰী দলে সোণাৰি আৰু কাকতিবাৰী আৰক্ষীৰ সহযোগত ডিপলিং চাহ বাগিচা, খামন গাঁও, খনা মোহন গাঁও আদি অঞ্চলত অভিযান চলায়।

অভিযানৰ কালছোৱাত প্ৰায় ২৫০০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ১৩ টা সুৰা তৈয়াৰৰ বাবে ব্যৱহৃত যন্ত্ৰ, ৫০ লিটাৰ চুলাই মদ, ৭০ কিলোগ্ৰাম গুৰ আৰু প্ৰায় ৪০ কিলোগ্ৰাম লাওপানীৰ পাছ জব্দ কৰি ঠাইতে নষ্ট কৰে। অভিযানকাৰী দল প্ৰৱেশ কৰাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকলে পলায়ন কৰে। এই সন্দৰ্ভত আবকাৰী বিভাগে মুঠ ৯টা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।