সদৌ অসম অনুসূচীত জাতি যুৱ পৰিষদ অসমৰ গোলাঘাট জিলা সমিতি গঠন

বৃহস্পতিবাৰে গোলাঘাট পৌৰসভাৰ সভাকক্ষত সদৌ অসম অনুসূচীত জাতি যুৱ পৰিষদ অসমৰ সাধাৰণ সভাত কেন্দ্ৰীয় সমিতিৰ বিষ়ববীয়াৰ উপস্থিতিত এখনি পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয়। 

উক্ত সভাত কেন্দ্ৰীয় উপদেষ্টা ৰুবুল দাস,সভাপতি হেমকান্ত দাস সম্পাদক জিতু কাকতিকে আদি কৰি ভালে কেইজন গণ‍্যমান‍্য ব‍্যক্তি উপস্থিত থাকে।

সভাৰ শেষত ৰুবুল দাসে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে অতি শীঘ্ৰে যদি চৰকাৰী এক লাখ চাকৰিৰ ক্ষেত্ৰত অনুসুচিত যুৱক-যুৱতীৰ বাবে সংৰক্ষিত কৰাৰ ব‍্যৱস্থা নকৰা বাবে লগতে মুল‍্য বৃদ্ধিৰ যি দুষ্প্ৰভাৱ ,কৰ সংগ্ৰহ আদি ব‍্যৱস্থাই জনগনক জুৰুলা কৰি তুলিছে এই জ্বলন্ত সমস্যা সমূ্হৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদি কোনো ব‍্যৱস্থা গ্ৰহণ নকৰে তেনে পৰিপেক্ষিতত আতি সোনকালে এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক হুংকাৰ দিয়ে। 

আনফালে গোলাঘাট পৌৰসভা সভাকক্ষ্ত অনুস্থিত হোৱা উক্ত সভাত নতুন কমিটিৰ হৈ ৰেৱ হাজৰিকাক সম্পাদক আৰু উৎপল দাসক সভাপতি হিচাবে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়।