বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিখোজ চিলাপথাৰৰ বৰলুঙৰ এজন লোক, পৰিয়ালৰ মাজত হাঁহাকাৰ, চিচিবৰগাওঁ থানাত এজাহাৰ দাখিল

কেৰেলাত কৰ্মসংস্থাপন বিচাৰি ঘৰৰ পৰা ওলাই যোৱা চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ বৰলুং পঞ্চায়তৰ বদলাচুক গাঁৱৰ এজন লোক বাটৰ পৰাই নিখোজ হোৱাৰ এক ঘটনা সংঘটিত হৈছে । জানিব পৰা অনুসৰি বদলাচুক গাঁৱৰ জনতা মালা নামৰ ৩৮ বছৰীয়া লোকজনে কৰ্মসংস্থাপন বিচাৰি যোৱা ১৯ চেপ্টেম্বৰত কেৰেলালৈ বুলি ঘৰৰ পৰা ওলাই যায় । নিজৰ হাতত মোবাইল ফোন নথকা লোকজনে বিশাখাপট্টনম পোৱাৰ পিছত ২০ ছেপ্টেম্বৰত কোনো লোকৰ মোবাইলৰ পৰা ঘৰলৈ ফোন কৰে । তাৰ পিছৰে পৰা লোকজনৰ লগত কোনো যোগাযোগ কৰিব পৰা নাই পৰিয়ালে । আনহাতে দুদিনৰ পিছত ধুবুৰীৰ এজন লোকে বাঙ্গালুৰৰ পৰা পৰিয়াললৈ ফোন কৰি জনায় যে জনতা মালা বেগটো এৰি নিৰুদ্দেশ হৈছে আৰু বেগটো তেওঁৰ হাতত আছে । তেতিয়াৰেপৰা পৰিয়ালৰ লোকসকলে বিভিন্ন সূত্ৰৰ জৰিয়তে বিচাৰ-খোচাৰ কৰিও একো শুংসূত্ৰ উলিয়াব পৰা নাই জনতা মালাৰ । পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম লোকজন নিৰুদ্দেশ হোৱাত হাঁহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত । সেই সন্দৰ্ভত আজি চিচিবৰগাঁও আৰক্ষী চকীত এখন নিৰুদ্দেশৰ জাননী দাখিল কৰিছে নিৰুদ্দিষ্ট লোকজনৰ পত্নীয়ে । কোনো লোকে লোকজনৰ সম্ভেদ পালে পৰিয়ালৰ 8011321854 আৰু 7099576046 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।