অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ৰ প্ৰতিষ্ঠা দিৱস ৰহা শাখাৰ উদ্যোগত অহা ১০এপ্ৰিলত এদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

    অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ৰহা শাখাৰ সভাপতি মনোৰমা ভুঞা আৰু সম্পাদক বিনোৱা ৰাজবংশীয়ে জানিব দিয়ে যে ১০ এপ্ৰিলত ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত পূবা সভাপতি মনোৰমা ভুঞা ৰ দ্বাৰা সন্মিলন ৰ পতাকা উওোলন কৰি প্ৰতিষ্ঠা দিৱস কাৰ্য্যসূচী ৰ শুভাৰম্ভ কৰাৰ পাছত বন্তি প্ৰজ্বলন কৰিব কাৰ্যকৰী সভাপতি যতীন্দ্ৰ কুমাৰ পাৰৈ আৰু স্মৃতি তৰ্পন কৰিব উপ সভাপতি ভৱেন চন্দ্ৰ দাসে।

     পূবা ৯.৩০বজাত চকু পৰীক্ষা শিবিৰৰ উদ্বোধন কৰিব অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাংগঠনিক সম্পাদক মনিৰাম নাথ।

      ৯.৪০বজাত অনুষ্ঠিত হব লগা সম্বৰ্ধনা অনুষ্ঠানত শতায়ু অতিক্ৰম কৰা মালতী মুদৈক বিশেষ সম্বৰ্ধনা জনোৱা হব আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে চৰকাৰী সোতৰ দফীয়া নীতিৰ বিষয় সদস্য সকলক অবগত কৰিব ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ভদ্ৰ কান্ত নাথে।