জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ পানী যোগান আঁচনিত কৰ্মৰত জলমিত্ৰসকলে চাকৰি নিয়মীয়াকৰণৰ দাবীত বুধবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে৷ সহস্ৰাধিক প্ৰতিবাদকাৰী জলমিত্ৰই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হেঙেৰাবাৰীৰ মুখ্য পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰাত সমগ্ৰ পথছোৱাত তীব্ৰ যানজঁটৰ সৃষ্টি হয়৷ বিভিন্ন শ¡’গানেৰে পথ অৱৰোধ কৰা প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত শ শ আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়৷ অভিযোগ অনুসৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ অন্যতম ধবজাবাহী প্ৰকল্প জল জীৱন মিছনৰ প্ৰতিখন আঁচনিৰ সফল ৰূপায়ণৰ বাবে চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ ১০খন উদ্যোগীক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আই টি আইত ৪০০ জলমিত্ৰৰ প্ৰশিক্ষণৰ দিয়া হৈছিল৷ জল জীৱন আঁচনিৰ সফল ৰূপায়ণৰ স্বাৰ্থত জলমিত্ৰসকলক চৰকাৰে বেচৰকাৰী ইউজাৰ গ্ৰুপ নামৰ এটা কোম্পানীৰ অধীনত দায়িত্বশীল স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰিছিল৷ পানী যোগানৰ সম্পূৰ্ণ হোৱা আঁচনি তথা পূৰ্বৰ পৰা চলি থকা আঁচনি সমূহত এজনকৈ জলমিত্ৰক নিয়োগ কৰা হৈছে৷ এইসকল জলমিত্ৰক বিগত ২৩ ছেপ্টেম্বৰত কামত নিয়োজিত চুক্তি পত্ৰ [engagement letter] প্ৰদান কৰিছিল৷ প্ৰশিক্ষণ সমাপ্তিৰ পাছত আঁচনিত নিয়োজিত প্ৰতিজন জলমিত্ৰক মাহিলী ৬৫০০ টকাকৈ মাননি আগবঢ়োৱা কথা ঘোষণা কৰিছিল৷ তদুপৰি পুৰণি স্বেচ্ছাসেৱক সকলকো জলমিত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰি¸ তেওঁলোককো প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত মাহিলি ৬৫০০ টকাকৈ মাননি দিয়াৰ কথা ঘোষণা কৰিছিল৷ কিন্তু জলমিত্ৰসকলে প্ৰাপ্যৰ পৰা বঞ্ছিত হোৱাৰ অভিযোগ তুলি বুধবাৰে জনস্বাস্থ্য কৰিকাৰী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীৰ অভিযোগ– প্ৰশিক্ষণ সমাপ্তিৰ পাছত আঁচনিত নিয়োজিত প্ৰতিজন জলমিত্ৰক মাহিলী ৬৫০০ টকাকৈ মাননি আগবঢ়োৱা কথা ঘোষণা কৰা হৈছিল যদিও এই মাননিৰ পৰা বঞ্চিত কৰা হৈছে৷ তদুপৰি চৰকাৰী বিভাগৰ পৰিৱৰ্তে জলমিত্ৰকসকলক ব্যক্তিগত কোম্পানীৰ জৰিয়তেহে নিযুক্তি দিয়া হৈছে৷ যাৰ বাবে চৰকাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে জলমিত্ৰকসকলক নিযুক্তি দিয়াৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ ইফালে, প্ৰতিবাদী কাৰ্যসূচীৰ পাছতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাই জলমিত্ৰসকলে দাবী কৰাৰ দৰে নিযুক্তি পত্ৰত বিভাগীয় বিষয়াৰ স্বাক্ষৰ থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ তদুপৰি ২০২৬ চনলৈ জলমিত্ৰসকলক বিভাগীয়ভাৱে মাননি আদায় দিব যদিও সাময়িকভাৱে জল জীৱন মিছনৰ উপভোক্তসকলৰ পৰাও মাচুল সংগ্ৰহ কৰিব বুলিও মুখ্য অভিযন্তাই প্ৰতিশ্ৰুতি দিয়াৰ কথা প্ৰতিবাদকাৰীসকলে জানিবলৈ দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্বকৰ্মা পূজাৰ প্ৰাক্ মূহুৰ্তত কাকপথাৰত ভয়ংকৰ পথ দূৰ্ঘটনা ৷
কাকপথাৰত বিশ্বকৰ্মা বিশ্বকৰ্মা পূজাৰ প্ৰাকমূহুৰ্তত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে ৷...
એલસીબી ની ટીમે તળાજા પોલીસ સ્ટેશન વિસ્તાર માંથી દેશી તમંચા સાથે એકને ઝડપી લીધો.
એલસીબી ની ટીમે તળાજા પોલીસ સ્ટેશન વિસ્તાર માંથી દેશી તમંચા સાથે એકને ઝડપી લીધો.
विभिन्न संस्थाओं व अधिकारों ने सामूहिक रूप से किया पौधारोपण
*विभिन्न संस्थाओं व अधिकारियों ने सामूहिक रूप से किया वृक्षारोपण*
*मुख्यमंत्री वृक्षारोपण...
The famous Inventor and Author Srinivas S. Devathi is taking about Macro Economic reform PROJECT EARTHLINGO
December 18, 2024
The famous Inventor and Author Srinivas S. Devathi is organized press...
માંગરોળ : કોંગ્રેસ દ્વારા મામલતદાર કચેરી ખાતે અપાયું આવેદનપત્ર
માંગરોળ : કોંગ્રેસ દ્વારા મામલતદાર કચેરી ખાતે અપાયું આવેદનપત્ર