ভাৰত-চীন সীমান্ত ভ্ৰমণৰ উদ্দেশ্যৰে অসমলৈ আহিল দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং৷ তিনিদিনীয়া কাৰ্যসূচী লৈ উত্তৰ-পূবৰ অসম আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ অহা কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে আজি নিশাটো বাহৰ পাতিলে উত্তৰ-পূবৰ অন্যতম সামৰিক ঘাটি হিচাপে পৰিচিত দিনজান সেনা শিবিৰত৷ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দিনজান সেনা শিবিৰত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে বাহৰ পতা নিশাটো স্বাভাৱিকতেই চিহ্নিত হৈছে বিশেষ এৰাতি হিচাপে৷ পৰৱৰ্তী নিশাটো প্ৰতিৰক্ষামন্ত্ৰীয়ে কটাব তেজপুৰস্থিত সেনা শিবিৰত৷ এই নিশাটোও হ’ব আন এটা বিশেষ এৰাতি৷ আজি সন্ধিয়া প্ৰায় ৪বজাত মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক বিমানবন্দৰতে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ সৈকত পাত্ৰকে ধৰি সামৰিক বাহিনীৰ বহু শীৰ্ষ বিষয়াই আদৰণি জনায়৷ ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীজনে বিশেষ হেলিকপ্টাৰযোগে দিনজান সেনা শিবিৰত উপস্থিত হৈ নিশাটো কটালে দিনজান সেনা শিবিৰৰ ২ ক’ৰত৷ আজি সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় মন্ত্ৰীজনে ভাৰতীয় সেনাৰ জোৱানসকলৰে চাহ মেল আৰু এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ তেওঁলোকৰ অভাৱ-অভিযোগসমূহৰ সন্দৰ্ভতো বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীজনে৷ ইয়াৰ পাছতে ভাৰতীয় সেনাৰ জি অ’ চি আৰু ৩ কৰ্পছ’কে ধৰি ভাৰতীয় সেনাৰ বহু শীৰ্ষ বিষয়াৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং৷ দিনজান সেনা শিবিৰৰ ২ ক’ৰত অনুষ্ঠিত হোৱা বৈঠতত সেনাপ্ৰধান মনোজ পাণ্ডে, পি ভি এছ এম, এ ভি এছ এম, ভি এছ এম, এডিচি আৰু লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা ইউ ৱাই এছ এম, এ ভি এছ এম, এছ এম, ভি এছ এম আৰ্মি কমাণ্ডাৰ ইষ্টাৰ্ণ কমাণ্ডৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷ অন্যহাতে, এই বৈঠকত অৰুণাচল প্ৰদেশৰ সংবেদনশীল উত্তৰ-পূব প্ৰান্ত ভ্ৰমণৰ আগমুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ গতিবিধিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে৷ বিশেষকৈ দীৰ্ঘদিন ধৰি বিবদমান হৈ থকা চেলাপাছ অঞ্চলটো চীনে তেওঁলোকৰ ভূখণ্ড বুলি দাবী কৰি আহিছে৷ চীনৰ সৈতে ভাৰতে ২০০০ কিলোমিটাৰো অধিক আন্তৰ্জাতিক সীমান্ত ভগাই লৈছে৷ পিছে বিগত অৰ্ধশতিকা ধৰি এই সীমান্তৰ অধিকাংশ অঞ্চলতে চীনৰ সৈতে ভাৰতৰ বিবাদ হৈ আছে৷ এই জটিল বিষয়টোৰ সন্দৰ্ভতো সেনাৰ শীৰ্ষ বিষয়াৰ সৈতে গুৰুত্বসহকাৰে আলোচনা কৰে৷ উল্লেখ্য যে, শেহতীয়াকৈ লাডাখৰ সীমান্তত চীনৰ সৈতে ২০২০ চনৰ ১৫ জুনত ভাৰতীয় সেনাৰ ভয়ংকৰ সংঘাতৰ সৃষ্টি হৈছিল৷ সেই সংঘাতত চীনৰ সেনাই গজাল লগাই লোৱা লাঠিৰে আৰু শিলেৰে কোবাই বিশজন ভাৰতীয় সৈনিকক নিহত কৰিছিল৷ ভাৰতীয় সেনাৰ হাততো নিহত হৈছিল চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মীৰ সেনা৷ তাৰো কেইবামাহ পূৰ্বৰে পৰা চীনৰ সেনাই লাডাখৰ গালৱান অঞ্চলত ভাৰতীয় ভূখণ্ডৰ ভিতৰত অৱস্থান গ্ৰহণ কৰিছিল৷ চীনৰ সেনাৰ এই অৱস্থানক প্ৰত্যাহ্বান জনাই মুখামুখি অৱস্থান কৰিছিল ভাৰতীয় সেনাই৷ দীৰ্ঘ সেই অৱস্থানৰ অচলাৱস্থা উভয় দেশৰ সেনাৰ মাজত হোৱা আলোচনাৰ অন্তত অৱসান ঘটোতেই সংঘাতত লিপ্ত হৈছিল চীন আৰু ভাৰতৰ সীমাত থকা সেনা বাহিনী৷ সেই সংঘাতৰ পাছৰ পৰা উভয় দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছিল৷ এতিয়াও চীনে সেনাৰ অৱস্থান সামান্য পিছুৱাই নিলেও লাডাখৰ সীমান্তত অহৰহ আন্তঃগাঁথনি নিৰ্মাণ চলাই আছে৷ অৰুণাচলৰ সীমান্তত সম্প্ৰতি তেনে সংঘাতৰ সৃষ্টি নহ’লেও সততে দুয়োপক্ষৰ সেনাৰ মাজত উত্তেজনাই বিৰাজ কৰি থাকে৷ চীনৰ সেনাই অৰুণাচলৰ সীমান্তৰ পৰা চকুৰে দেখা দূৰত্বত কেইবাখনো গাঁও স্থাপন কৰি তাত সেই অঞ্চলৰ লোকক বসতি কৰিবলৈ দিছে৷ যি স্থানত চীনৰ সেনাই এই গাঁও স্থাপন কৰিছে, ১৯৬২ চনৰ চীন-ভাৰত সংঘাতৰ আগলৈকে তাত ভাৰতীয় সেনাৰ শিবিৰ আছিল৷ সেই যুদ্ধৰ পাছত চীনে ভাৰতীয় শিবিৰ দখল কৰি লৈছিল আৰু শেহতীয়া ক’ভিড অতিমাৰীৰ সময়ত চীনৰ সেনাই তাত গাঁও নিৰ্মাণ সম্পূৰ্ণ কৰিছিল৷ ইণ্টাৰনেটকে ধৰি সকলো সা-সুবিধা থকা সেই গাঁৱত যিসকল বাসিন্দাক থাকিবলৈ দিয়া হৈছে তেওঁলোকে প্ৰকৃততে চীনা সৈন্যৰ হৈ চোৰাংচোৱাগিৰি কৰে৷ সেই বাসিন্দাসকল চীনে দখল কৰি লোৱা তিব্বতৰ৷ পাহাৰৰ দুৰ্গম গাঁৱৰ পৰা উলিয়াই আনি তেওঁলোকক চীনৰ সেনাই স্থাপন কৰা সকলো সা-সুবিধাযুক্ত গাঁৱত থাকিবলৈ দিয়াৰ বিনিময়ত সেই বাসিন্দাসকলে সীমান্তৰ এইপাৰে ঘটি থকা সকলো ঘটনা চীনৰ সেনাক জনাই থাকে৷ ইপিনে চীনৰ সেনাই সীমান্তৰ গাতে লাগি থকাকৈ বৃহৎ পথ আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ সম্পূৰ্ণ কৰিছে৷ সেই দিশত পিছ পৰি আছে ভাৰত৷ মন কৰিবলগীয়া যে, কাইলৈ পুৱা প্ৰায় জ্জ্ব বজাত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীৰ সৈতে বিশেষ হেলিকপ্টাৰযোগে উৰা মাৰিব অতি সংবেদনশীল হিচাপে পৰিচিত অৰুণাচল প্ৰদেশৰ চেলাপাছ অঞ্চল৷ চেলা পাছলৈ আহি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনা বাহিনীৰ সা-সুবিধা আৰু অন্যান্য দিশসমূহ পৰিদৰ্শন কৰিব৷ ভাৰত চৰকাৰে শেহতীয়াকৈ সীমান্তৰ একাধিক অঞ্চলত ৰণকৌশলগত দিশত সুবিধা হোৱাকৈ নিৰ্মাণকাৰ্য চলাই থকা প্ৰকল্পসমূহ পৰিদৰ্শন কৰিব৷ বৃহস্পতিবাৰে পুৱা অৰুণাচলৰ চেলাপাছত নিৰ্মীয়মান সুৰংগ পথ পৰিদৰ্শন কৰিব ৰাজনাথ সিঙে৷ ২০১৯ চনৰ পৰা ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ পথ নিৰ্মাণ কৰি আছে ব’ৰ্ডাৰ ৰোড অৰ্গেনাইজেছন [বি আৰ অ’]ই৷ যিহেতু টাৱাং-ডিবাং সংযোগী সুৰংগ পথটো চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সুৰংগ পথটো মুকলিৰ পূৰ্বে কামৰ শেহতীয়া খতিয়ান ল’ব দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে৷ প্ৰাপ্ত খবৰ অনুসৰি কাইলৈ অৰুণাচলৰ পূব প্ৰান্ত ভ্ৰমণ সামৰি বৃহস্পতিবাৰে বিয়লি উপস্থিত হ’ব তেজপুৰত৷ তেজপুৰস্থিত ভাৰতীয় সেনা বাহিনীৰ চতুৰ্থ ক’ৰত নিশা কটায় শুকুৰবাৰে বিমানবন্দৰৰ পৰা দিল্লীলৈ পুনৰ উৰা মাৰিব৷ উল্লেখ্য যে, ভাৰত-চীন সীমান্তৰ ভূমিক লৈ চলি থকা বিবাদৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ অৰুণাচল প্ৰদেশৰ চেলাপাছ ভ্ৰমণ আৰু দিনজান সেনা শিবিৰত সেনাৰ শীৰ্ষ বিষয়াৰে হোৱা বৈঠক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બાબાસાહેબ ભીમરાવ આંબેડકર ની પ્રતિમા સ્થાપિત ન થતા આંદોલનની ચીમકી.
કલેકટર શ્રી છોટા ઉદેપુર ને આવેદન આપવામાં આવ્યું છે બંધારણના ઘડવૈયા બાબા સાહેબ ભીમરાવ આંબેડકરની...
प्रवाशांनी भरलेली बस नदीत कोसळली, थरकाप उडवणारी घटना । Hpn Marathi News
प्रवाशांनी भरलेली बस नदीत कोसळली, थरकाप उडवणारी घटना । Hpn Marathi News
India Canada Tension: मसूर की दाल होगी महंगी | Justin Trudeau | PM Modi | Hardeep Singh Nijjar
India Canada Tension: मसूर की दाल होगी महंगी | Justin Trudeau | PM Modi | Hardeep Singh Nijjar
ફતેપુરા એ.પી.એમ.સી.ના ચેરમેન દ્વારા દાહોદ સાંસદના જન્મ દિવસ નિમિત્તે ૧૫૦૦ સાડીયો વિતરણ કરી ઉજવણી કરવામાં આવી
દાહોદ સાંસદ ના જન્મ દિવસ ની અનોખી ઊજવણી..
ફતેપુરા એ.પી.એમ.સી. ના ચેરમેન અને દાહોદ જિલ્લા શિક્ષણ...