সোণাৰিত এছ বি আইৰ উদ্যোগত পেঞ্চনাৰ সকলৰ লগত এটা দিন উদযাপন।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
ভাৰতীয় ষ্টেট বেংকে ভাৰত চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১ আগষ্ট ২০২২ ৰ পৰা ১২ আগষ্ট ২০২২ লৈকে গ্ৰাহক সকলক লৈ এলানি কাৰ্যসুচী হাতত লৈছে | ইয়াৰ ভিতৰত পেঞ্চনাৰ মিট, চিকিৎসকক সম্বৰ্ধনা, বিশিষ্ট চৰকাৰী বিষয় ববীয়াৰ সম্বৰ্ধনা ইত্যাদি।
আজি সোণাৰিত আজাদী কা মহোৎসৱৰ অংশ হিচাপে এছ বি আইৰ সোণাৰি শাখায়ে পেঞ্চনাৰ সকলৰ লগত "এটি দিন" উদযাপন কৰে। সভাত উপস্থিত থাকে চৰাইদেউ জিলা ছিনিয়ৰ চিটিজেন সন্মিলনৰ সম্পাদক ললিত ফুকন, চৰাইদেউ জিলাৰ কৰ্মচাৰী পৰিষদৰ সভাপতি ৰবী ঘোষ, চৰাইদেউ জিলাৰ পেঞ্চনাৰ সন্থা জিলা সমিতিৰ সা: সম্পাদক মনি ৰাম গগৈ। সভাত পেঞ্চন সম্বন্ধীয় বক্তব্য আগবঢ়ায় সোণাৰি এছ বি আই শাখাৰ মুখ্য প্ৰবন্ধক সুনিত মজুমদাৰে, বেংকৰ লেন দেনত সাধাৰণতে অনলাইন জালিয়াতিৰ পৰা গ্ৰাহকে কি দৰে সতৰ্ক হ'ব পৰে তাৰ সাবধানতাৰ বিষয়ে বক্তব্য আগবঢ়ায় বেংক শাখাৰ কৰ্মচাৰী আশ্ৰফ আহমেদে। ইফালে এছ বি আইৰ যোৰহাট মণ্ডলৰ উপ মহা প্ৰবন্ধক জিতেন কান্ত ঠাকুৰে পেঞ্চনাৰ সকলক বেংকে আগবঢ়োৱা বিভিন্ন সেৱাৰ বিষয়ে অৱগত কৰে।