চৰাইদেউ জিলা কাৰাগাৰত যোগ সম্পৰ্কীয় বক্তৃতানুষ্ঠান অনুষ্ঠিত
ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ অধীনত, ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ (Indian Yoga Cultur and Yoga Therapy Centre)ৰ উদ্যোগত আৰু জিলা কাৰাগাৰ, চৰাইদেউৰ সহযোগত সোনাৰি স্থিত চৰাইদেউ জিলা কাৰাগাৰত আজি এটা যোগ সম্পৰ্কীয় বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।
কাৰাগাৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰুৱাৰ পৌৰাহিত্যত অনুষ্ঠিত অনুষ্ঠানটোত যোগ বিষয়ৰ সমল ব্যক্তি হিচাপে "পতঞ্জলি মহিলা যোগ সমিতি"ৰ চৰাইদেউ জিলাৰ সভানেত্ৰী তথা শিক্ষয়িত্ৰী আৰু লেখিকা ফুলমাই বড়া উপস্থিত থাকে। উল্লেখযোগ্য যে, চৰাইদেউ জিলা কাৰাগাৰত গত বছৰৰ পৰাই ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ অধীনত কাৰাবাসীসকলক নিয়মীয়াকৈ যোগ শিক্ষা প্ৰদান কৰি থকা হৈছে। এই পৰিপ্ৰেক্ষিতত আজি নিয়মীয়া কাৰ্যসূচী হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। যোগ শিক্ষক দীপক গগৈয়ে আঁত ধৰা আজিৰ বক্তৃতা অনুষ্ঠানটোত সমল ব্যক্তিগৰাকীয়ে কাৰাগাৰৰ যোগাভ্যাসকাৰী সকলক উদ্দেশ্যি দিয়া প্ৰেৰণামূলক বক্তব্যত যোগৰ তাত্ত্বিক ব্যাখ্যা আগবঢ়োৱাৰ লগতে প্ৰায়োগিক উপযোগিতা বৰ্ণনা কৰে। "সুস্বাস্থৰ বাবে যোগ" এই ধাৰণাৰে অনুষ্ঠিত আজিৰ অনুষ্ঠানত কাৰাবাসীসকলক যোগাভ্যাস কৰিবলৈ উৎসাহিত কৰাৰ লগতে কাৰাবাসী সকলৰ লগত অন্তৰংগ আলাপৰ যোগেদি তেওঁলোকৰ বিভিন্ন ব্যক্তিগত মনোদৈহিক সমস্যাৰ সমাধান যোগৰ মাধ্যমেৰে কৰাৰ চেষ্টা কৰা হয়। কাৰাগাৰৰ চিকিৎসক ডা: পল্লৱ নয়ন গগৈ, ভাৰপ্ৰাপ্ত কাৰাধ্যক্ষ ভাস্কৰ হাজৰিকা উপস্থিত থকা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় যোগ শিক্ষয়িত্ৰী ৰিনিজিনি খনিকৰে।