"আমাক আৰু হত্যা কৰিবলৈ নিদিব" আমাৰ কান্দোন এবাৰ শুনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মা ডাঙৰীয়া"

গোলাঘাট নগৰত উন্নয়নৰ নামত ধাৰাবাহিক ভাবে গছ কটা কাৰ্যৰ বিৰূদ্ধে হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লয় ওলাই আহিল গোলাঘাট বাসি ৰাইজ।

বৃহস্পিবাৰে গোলাঘাটৰ সাধাৰণ নাগৰিক সকলে নগৰৰ উদ্যান সমূহৰ গছ কটা কাৰ্যৰ বিৰোধিতা কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গছ বচাও অভিযান কাৰ্য্যসূচী ৰূপায়ণ কৰি হাতে হাতে পৰিবেশতন্ত্ৰ ধ্বংশ কৰি মানুহৰ উন্নয়ন সম্ভৱ নে? গছৰ প্ৰতি নিৰ্দয় নহব। গোলাঘাট নগৰৰ বন ধ্বংশ যজ্ঞৰ বিচাৰ লাগে আদি বিভিন্ন শ্লোগান লিখিত বেনাৰ পোষ্টাৰ আৰু

গছ বচাও ফলক লৈ প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট নগৰৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে দল সংগঠন,বিশিষ্ট নাগৰিক,লগতে দল সংগঠন সমূহ । গোলাঘাট নগৰত উন্নয়নৰ নামত বন ধ্বংসৰ যজ্ঞ যদি পৌৰসভা আৰু জিলা প্ৰশাসনে শীঘ্ৰেই বন্ধ নকৰে তেনেহলে ভবিষ্যতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৰাইজৰ।

আনফালে আজি গোলাঘাটত অনুষ্ঠিত বিজেপি দলীয় সভাত অংশ গ্ৰহণ কৰা মূহুৰ্তত উপস্থিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে গছ কটা কাৰ্যৰ তদন্তৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়া কথা জানিবলৈ দিয়া লগতে গছ সমূহৰ ৰক্ষা কৰা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। একে অনুষ্ঠানত উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ তাছাই নগৰত গছ কটা কাৰ্যৰ সম্পৰ্কে এই বিষয়ে তেওঁ বিশেষ অৱগত নোহোৱা কৈ কোনো মন্তব্য কৰা উচিত নহয় বুলি কোৱা লগতে উন্নয়ন মূলক কাৰ্যত পৰা পক্ষত গছ গছনি নকটাকৈ হব পাৰে তেনে ভাল কিন্তু কেতিয়াবা আমাক এই ক্ষেত্ৰত বুজাবুজি কৰিবলগীয়া হয়