নুমলীগড়ৰ দৈগ্ৰোঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে জন সজাগতা মূলক সভা । বিধায়ক বিশ্বজিৎ ফুকন আৰু DFO ৰ অংশগ্ৰহণ ।
নুমলীগড়ত শেহতীয়াকৈ হাতী মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰিছে । সেই সময়তে নুমলীগড়ৰ মৰঙী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰিছে এক সজাগতা মূলক সভা । এই সভাৰ জড়িয়তে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ এক প্ৰয়াস চলাইছে জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদে । এই সভাত অংশগ্ৰহণ কৰে সৰু পথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলা বন প্ৰাধিকাৰী ৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিষয় ববীয়া পলাশ চাংমাই সহ বহু কেইজন কেন্দ্ৰীয় কেন্দ্ৰীয় নেতাই । ইফালে এই অনুষ্ঠানতে বিধায়ক বিশ্বজিৎ ফুকনে শেহতীয়াকৈ গোলাঘাট জিলাত চলি থকা বন ধ্বংসৰ বিৰোধিতা কৰি কয় যে গোলাঘাট জিলাত কংগ্ৰেছৰ দিনত বহু আপুৰুগীয়া গছ কাটি তহিলং কৰিলে । বৰ্তমানে যমুনা পার্ক নিৰ্মাণৰ বাবে গছ কটা কাৰ্য্যৰ বিৰোধিতা কৰাৰ লগতে উক্ত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰাৰ কথাও ব্যক্ত কৰে লগতে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে ।