গোলাঘাট নগৰত গছ কটা অভিযানৰ বিৰুদ্ধে স্বতস্ফূৰ্তভাৱে ওলাই আহিল গোলাঘাটৰ নাগৰিক সমাজ। আজি গোলাঘাট নগৰৰ পৌৰসভা সভা কাৰ্যালয়ৰ সন্মুখত গোলাঘাটৰ নাগৰিক সমাজ  একাধিক দল-সংগঠন, ছাত্ৰ সংগঠনৰ বিষয়ববীয়া একত্ৰিত হৈ গোলাঘাট নগৰত উন্নয়নৰ নামত যধে-মধে গছ কাটি তহিলং কৰা কাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। গছ থাকিলেহে মানুহ থাকিব, আমাক উশাহ দিয়া গছ ৰক্ষা কৰক, চৰাই-চিৰিকটিৰ আশ্ৰয়স্থলী গছ-গছনি বচাওক শ্ল’গান সম্বলিত বেনাৰ প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। আজিৰ এই  প্ৰতিবাদী কাৰ্যসূচীত প্ৰবীণ সাংবাদিক, প্ৰাক্তন আছু কৰ্মী, জ্যেষ্ঠ নাগৰিক আৰু  কেইবাটাও ছাত্ৰ সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে।