মহা অষ্টমী পূজা উপলক্ষে গহপুৰৰ গমিৰিত সদৌ গমিৰি উৎসৱ সমিতিৰ সৌজন্যত আয়োজিত '' গণশিল্পী মহেন্দ্ৰ হাজৰিকাদেৱৰ সংগীতানুষ্ঠান" কাৰ্যসূচীত ৰাজ্যৰ সংগীত জগতৰ মহীৰূহ, বিশিষ্ট সুৰকাৰ, গীতিকাৰ মহেন্দ্ৰ হাজৰিকাদেৱক মঞ্চত সম্ভাষণ আৰু সম্বৰ্ধনা জনাবৰ বাবে বিভিন্ন সংস্থা সংগঠনৰ মুৰব্বীয়ে ইতিমধ্যে যোগাযোগ কৰিছেহি ৷ কোনো সদাশয় ব্যক্তি তথা প্ৰতিষ্ঠানে যদি অনুষ্ঠানটিত উপস্থিত হৈ গণশিল্পী গৰাকীক সম্ভাষণ জনোৱাৰ প্ৰস্তুতি কৰিছে তেন্তে এই বাৰ্তাতেই নিজৰ অভিমত সংযোগ কৰিবলৈ অথবা উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ সানুনয়ে অনুৰোধ জনালোঁ ৷ 

শ্ৰদ্ধাৰে

ৰাজু গৌতম

সভাপতি

সদৌ গমিৰি উৎসৱ সমিতি

গমিৰি, বিশ্বনাথ, অসম

৯১০১০৮২৫২৪