অতি সংবেদনশীল হিচাপে পৰিচিত অৰুণাচল প্ৰদেশৰ চেলা পাছলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ অহা ৩০ ছেপ্টেম্বৰত তেওঁ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীৰ সৈতে এই অঞ্চলটো পৰিদৰ্শন কৰিব৷ চীনৰ সৈতে সীমান্তৰ অতিশয় সংবেদনশীল অঞ্চল হিচাপে পৰিচিত অৰুণাচল প্ৰদেশৰ চেলালৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ এই ভ্ৰমণ অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ দীৰ্ঘদিন ধৰি বিবাদপূৰ্ণ হৈ থকা এই অঞ্চলটো চীনে তেওঁলোকৰ ভূখণ্ড বুলি দাবী কৰি আহিছে৷ সেই পৰিপ্ৰেক্ষিততে ৰাজনাথ সিঙৰ ভ্ৰমণক গুৰুত্বপূৰ্ণ এক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে চেলা পাছৰ পৰা চীনৰ গতিবিধি নিৰীক্ষণ কৰিব৷ চীনৰ সৈতে ভাৰতে ২০০০ কিলোমিটাৰো অধিক আন্তৰ্জাতিক সীমান্ত ভগাই লৈছে৷ পিছে বিগত অৰ্ধশতিকা ধৰি এই সীমান্তৰ অধিকাংশ অঞ্চলতে চীনৰ সৈতে ভাৰতৰ বিবাদ হৈ আছে৷ শেহতীয়াকৈ লাডাখৰ সীমান্তত চীনৰ সৈতে ২০২০ চনৰ ১৫ জুনত ভাৰতীয় সেনাৰ ভয়ংকৰ সংঘাতৰ সৃষ্টি হৈছিল৷ সেই সংঘাতত চীনৰ সেনাই গজাল লগাই লোৱা লাঠিৰে আৰু শিলেৰে কোবাই বিশজন ভাৰতীয় সৈনিকক নিহত কৰিছিল৷ ভাৰতীয় সেনাৰ হাততো নিহত হৈছিল চীনৰ পিপ’লচ লিবাৰেশ্বন আৰ্মীৰ সেনা৷ তাৰো কেইবামাহ পূৰ্বৰে পৰা চীনৰ সেনাই লাডাখৰ গালৱান অঞ্চলত ভাৰতীয় ভূখণ্ডৰ ভিতৰত অৱস্থান গ্ৰহণ কৰিছিল৷ চীনৰ সেনাৰ এই অৱস্থানক প্ৰত্যাহ্বান জনাই মুখামুখি অৱস্থান কৰিছিল ভাৰতীয় সেনাই৷ দীৰ্ঘ সেই অৱস্থানৰ অচলাৱস্থা উভয় দেশৰ সেনাৰ মাজত হোৱা আলোচনাৰ অন্তত অৱসান ঘটোতেই সংঘাতত লিপ্ত হৈছিল চীন আৰু ভাৰতৰ সীমাত থকা সেনাবাহিনী৷ সেই সংঘাতৰ পাছৰ পৰা উভয় দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছিল৷ এতিয়াও চীনে সেনাৰ অৱস্থান সামান্য পিছুৱাই নিলেও লাডাখৰ সীমান্তত অহৰহ আন্তঃগাঁথনি নিৰ্মাণ চলাই আছে৷ অৰুণাচলৰ সীমান্তত সম্প্ৰতি তেনে সংঘাতৰ সৃষ্টি নহ’লেও সততে দুয়ো পক্ষৰ সেনাৰ মাজত উত্তেজনাই বিৰাজ কৰি থাকে৷ চীনৰ সেনাই অৰুণাচলৰ সীমান্তৰ পৰা চকুৰে দেখা দুৰত্বত কেইবাখনো গাঁও স্থাপন কৰি তাত সেই অঞ্চলৰ লোকক বসতি কৰিবলৈ দিছে৷ যি স্থানত চীনৰ সেনাই এই গাঁও স্থাপন কৰিছে, ১৯৬২ চনৰ চীন-ভাৰত সংঘাতৰ আগলৈকে তাত ভাৰতীয় সেনাৰ শিবিৰ আছিল৷ সেই যুদ্ধৰ পাছত চীনে ভাৰতীয় শিবিৰ দখল কৰি লৈছিল আৰু শেহতীয়া ক’ভিড অতিমাৰীৰ সময়ত চীনৰ সেনাই তাত গাঁও নিৰ্মাণ সম্পূৰ্ণ কৰিছিল৷ ইণ্টাৰনেটকে ধৰি সকলো সা-সুবিধা থকা সেই গাঁৱত যিসকল বাসিন্দাক থাকিবলৈ দিয়া হৈছে তেওঁলোকে প্ৰকৃততে চীনৰ সৈনাৰ হৈ চোৰাংচোৱাগিৰি কৰে৷ সেই বাসিন্দাসকল চীনে দখল কৰি লোৱা তিব্বতৰ৷ পাহাৰৰ দুৰ্গম গাঁৱৰ পৰা উলিয়াই আনি তেওঁলোকক চীনৰ সেনাই স্থাপন কৰা সকলো সা-সুবিধাযুক্ত গাঁৱত থাকিবলৈ দিয়াৰ বিনিময়ত সেই বাসিন্দাসকলে সীমান্তৰ এইপাৰে ঘটি থকা সকলো ঘটনা চীনৰ সেনাক জনাই থাকে৷ ইপিনে চীনৰ সেনাই সীমান্তৰ গাতে লাগি থকাকৈ বৃহৎ পথ আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ সম্পূৰ্ণ কৰিছে৷ সেই দিশত পিছ পৰি আছে ভাৰত৷ চেলা পাছলৈ আহি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনা বাহিনীৰ সা-সুবিধা আৰু অন্যান্য দিশ পৰিদৰ্শন কৰিব৷ অৱশ্যে ভাৰতেও শেহতীয়াকৈ সীমান্তৰ একাধিক অঞ্চলত ৰণকৌশলগত দিশত সুবিধা হোৱাকৈ নিৰ্মাণ কাৰ্য চলাই আছে৷ ৰাজনাথ সিঙে তেওঁৰ চেলা পাছ ভ্ৰমণত সেই সকলোবোৰ পৰিদৰ্শন কৰিব৷ অৱশ্যে ভাৰতীয় সেনা বাহিনীয়ে আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এতিয়াও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সম্পূৰ্ণ কাৰ্যসূচী প্ৰকাশ কৰা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নামখলাত ৰোগাক্ৰান্ত শিশু আৰু অসহায় পিতৃ-মাতৃলৈ সহায়ৰ হাত " মানুহে মানুহৰ বাবে"ৰ
নামখলা নিকটৱৰ্তী মিছাহাতখলা বগৰীবাৰীৰ এটি দুখীয়া পৰিয়াললৈ সহায়ৰ হাত মানৱতাবাদী সংগঠন "মানুহে...
सासरच्या त्रासाला कंटाळून विवाहितेने दोन मुलासह केली आत्महत्या
पतीस बार्शी पोलिसांनी केली अटक
सोलापूर :- हुंड्याच्या 50 हजार रूपयासाठी जावई व...
After 10 Months In Jail, Navjot Sidhu To Be Released Today
Punjab Congress leader Navjot Singh Sidhu is set to walk out of Patiala jail today, 10 months...
জোনাইত ভয়ংকৰ বানৰ তাণ্ডৱ, প্ৰায় ৩০ খন গাওঁ পানীৰ তলত
জোনাইত ভয়ংকৰ বানৰ তাণ্ডৱ, প্ৰায় ৩০ খন গাওঁ পানীৰ তলত