আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত এইবাৰ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিৰ জেৰাৰ সন্মুখীন হয় বড়ো বিদ্ৰোহী সংগঠনৰ শান্তি প্ৰক্ৰিয়াৰ মধ্যস্ততাকাৰী পৃথ্বীৰাজ নাৰায়ণ মেচ৷ মঙলবাৰে ইডিৰ গুৱাহাটী কাৰ্যালয়ত দীৰ্ঘসময় ধৰি জেৰা কৰে যুৱকজনক৷ পৃথ্বীৰাজ নাৰায়ণ মেচক আয় বহিৰ্ভূত বিশাল সম্পত্তিৰ উৎসৰ সন্ধানতে ইডিয়ে তলব কৰি জেৰা কৰে৷ পৃথ্বী নাৰায়ণ হৈছে বড়ো তৃতীয় শান্তি চুক্তিৰ স্বাক্ষৰকাৰী এনডিএফ বি [সং] গোটৰ অন্যতম মধ্যস্ততাকাৰী৷ এনডিএফবি বি বিদাই আৰু এম বাথা নেতৃত্বাধীন অন্তিমটো বড়ো উগ্ৰপন্থী সংগঠনক শান্তি আলোচনাত চামিল কৰোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল পৃথ্বীৰাজে৷ অৱশ্যে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত এম বাথাৰ নেতৃত্বত এটা বিদ্ৰোহী দলে পুনৰ জংঘললৈ ৰাওনা হৈছিল যদিও উক্ত গোটটোকো ঘূৰাই অনাত মধ্যস্ততাকাৰী ভূমিকা লৈছিল পৃথ্বীৰাজ নাৰায়ণ মেচে৷ অভিযোগ অনুসৰি বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষাৰ কৰাৰ পাছতেই কম সময়ৰ ভিতৰতে আকস্মিকভাৱে বৃহৎ সম্পত্তিৰ অধিকাৰী হৈছিল পৃথ্বী নাৰায়ণ৷ এনে আয় বহিৰ্ভূত সম্পত্তিৰ সংক্ৰান্ততে পৃথ্বী নাৰায়ণ মেচৰ বিৰুদ্ধে ইডিয়ে গোচৰ ৰুজু কৰি মঙলবাৰে দীৰ্ঘসময় জেৰা কৰে৷ ইডিৰ গুৱাহাটী ৰাজগড়স্থিত কাৰ্যালয়ত তদন্তকাৰী বিষয়াৰ দুবাৰকৈ জেৰাৰ সন্মুখীন হোৱাৰ লগতে ইডিয়ে পৃথ্বীৰ জবানবন্দীও লিপিবদ্ধ কৰে৷ অৱশ্যে ইডিৰ জেৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও ২০১৯ চনৰ এটা গোচৰত কেন্দ্ৰীয় অৰ্থনৈতিক অপৰাধ অনুসন্ধানকাৰী সংস্থাটোৱে জেৰা কৰাৰ কথা স্বীকাৰ কৰে পৃথ্বীৰাজ নাৰায়ণ মেচে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cyber Frauds: दूरसंचार अधिकारी बताकर फर्जी कॉल्स करने वालों से अलर्ट! एक गलती करवा देगी भारी नुकसान
दूरसंचार विभाग (DoT) ने वॉट्सऐप कॉल्स को लेकर भी एक एडवायजरी जारी की है। विदेशी नंबरों से आने...
बांधकाम अतिक्रमण धारकांना सा.बा. चे अभय! मालकी जागेतील पत्राच्या शेडला अतिक्रमण काढण्याची नोटीस.* सरसकट सर्वच अतिक्रमण काढण्याची अन्याय अत्याचार भ्रष्टाचार विरोधी समितीची मागणी
लातूर : जिल्ह्यातील वलांडी गावातून नांदेड गुलबर्गा राज्य मार्ग गेले आहे त्या राज्य मार्गावर खूप...
आमजन से डीएम और पुलिस अधीक्षक नेजल बहाव क्षेत्रों में नहीं जाने की अपील,सुरक्षा इंतजामों का लिया जायजा*
मानसून के दौरान हो रही बारिश के दृष्टिगत जिला कलक्टर अक्षय गोदारा एवं पुलिस अधीक्षक हनुमान प्रसाद...
જસદણ કૈલાસનગરમાં આવેલ સ્વામિનારાયણ મંદિર ખાતે હરિ જયંતિની ઉજવણી કરવામાં આવી.
જસદણ કૈલાસનગરમાં આવેલ સ્વામિનારાયણ મંદિર ખાતે હરિ જયંતિની ઉજવણી કરવામાં આવી હતી.કૈલાસનગરમાં આવેલ...