আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত এইবাৰ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিৰ জেৰাৰ সন্মুখীন হয় বড়ো বিদ্ৰোহী সংগঠনৰ শান্তি প্ৰক্ৰিয়াৰ মধ্যস্ততাকাৰী পৃথ্বীৰাজ নাৰায়ণ মেচ৷ মঙলবাৰে ইডিৰ গুৱাহাটী কাৰ্যালয়ত দীৰ্ঘসময় ধৰি জেৰা কৰে যুৱকজনক৷ পৃথ্বীৰাজ নাৰায়ণ মেচক আয় বহিৰ্ভূত বিশাল সম্পত্তিৰ উৎসৰ সন্ধানতে ইডিয়ে তলব কৰি জেৰা কৰে৷ পৃথ্বী নাৰায়ণ হৈছে বড়ো তৃতীয় শান্তি চুক্তিৰ স্বাক্ষৰকাৰী এনডিএফ বি [সং] গোটৰ অন্যতম মধ্যস্ততাকাৰী৷ এনডিএফবি বি বিদাই আৰু এম বাথা নেতৃত্বাধীন অন্তিমটো বড়ো উগ্ৰপন্থী সংগঠনক শান্তি আলোচনাত চামিল কৰোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল পৃথ্বীৰাজে৷ অৱশ্যে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত এম বাথাৰ নেতৃত্বত এটা বিদ্ৰোহী দলে পুনৰ জংঘললৈ ৰাওনা হৈছিল যদিও উক্ত গোটটোকো ঘূৰাই অনাত মধ্যস্ততাকাৰী ভূমিকা লৈছিল পৃথ্বীৰাজ নাৰায়ণ মেচে৷ অভিযোগ অনুসৰি বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষাৰ কৰাৰ পাছতেই কম সময়ৰ ভিতৰতে আকস্মিকভাৱে বৃহৎ সম্পত্তিৰ অধিকাৰী হৈছিল পৃথ্বী নাৰায়ণ৷ এনে আয় বহিৰ্ভূত সম্পত্তিৰ সংক্ৰান্ততে পৃথ্বী নাৰায়ণ মেচৰ বিৰুদ্ধে ইডিয়ে গোচৰ ৰুজু কৰি মঙলবাৰে দীৰ্ঘসময় জেৰা কৰে৷ ইডিৰ গুৱাহাটী ৰাজগড়স্থিত কাৰ্যালয়ত তদন্তকাৰী বিষয়াৰ দুবাৰকৈ জেৰাৰ সন্মুখীন হোৱাৰ লগতে ইডিয়ে পৃথ্বীৰ জবানবন্দীও লিপিবদ্ধ কৰে৷ অৱশ্যে ইডিৰ জেৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও ২০১৯ চনৰ এটা গোচৰত কেন্দ্ৰীয় অৰ্থনৈতিক অপৰাধ অনুসন্ধানকাৰী সংস্থাটোৱে জেৰা কৰাৰ কথা স্বীকাৰ কৰে পৃথ্বীৰাজ নাৰায়ণ মেচে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Google Pixel 9 Pro Fold नए डिजाइन के साथ हुआ लॉन्च, क्या हैं सबसे महंगे फोल्डेबल स्मार्टफोन की खूबियां?
टेक दिग्गज कंपनी गूगल ने अपने एनुअल Made By Google इवेंट में Google Pixel 9 सीरीज को लॉन्च किया...
हिमाचल : झुग्गी में भड़की आग, 3 सगे भाई-बहनों सहित जिंदा जलने से 4 बच्चों की मौत
जिला के उपमंडल अंब के तहत बणे दी हट्टी में प्रवासी मजदूरों की झुग्गी में आग लगने से 4 बच्चे जिंदा...
মঙলদৈত এগৰাকী আৰক্ষীৰ মহানুভৱতা
মঙলদৈত এগৰাকী আৰক্ষীৰ মহানুভৱতা :-
'গছ থাকিলেহে জীৱ থাকিব' উক্ত কথাফাকি সৰোগত কৰি...
माध्यमांनी आवाज उठवताच पाथरी-सेलू रस्त्याच्या डागडूजी कामाला सुरूवात.
पाथरी ( प्रतिनीधी :)-शहरातून सेलू कडे जाणा-या राष्ट्रीय महामार्ग क्र ५४८बी ची अवस्था अतिषय दयनिय...
માટી કો નમન, વીરો કો વંદન હર ઘર તીરંગા
ચાંદરણીમાં "મેરી માટી, મેરા દેશ' કાર્યક્રમ યોજાયો
ચાંદરણીના શહીદને શ્રધ્ધા સુમન અર્પણ કર્યા
(રાહુલ પ્રજાપતિ) સાબરકાંઠા જિલ્લાના હિંમતનગરના ચાંદરણીમાં આવેલ કેપ્ટન કલ્યાણસિંહ જુથ પ્રાથમિક...