ভাৰত চৰকাৰে লেফটেনেণ্ট জেনেৰেল অনিল চৌহানক (অৱসৰপ্ৰাপ্ত)পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) হিচাপে নিযুক্তি দিছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি, তেওঁ তিনিটা সেৱাৰ প্ৰধান আৰু লগতে ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিবো হ’ব। 

হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাক্তন চিডিএছ জেনেৰেল বিপিন ৰাৱটৰ মৃত্যুৰ পিছত ৯ মাহৰ বাবে দেশৰ সৰ্ববৃহৎ সামৰিক পদ খালী হৈ আছিলে।

যাৰ দায়িত্ব এতিয়া অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অনিল চৌহানক অৰ্পণ কৰা হৈছে। 

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে কেৰিয়াৰত ৪০ বছৰতকৈও অধিক সময়ৰ কেইবাটাও কমাণ্ড দখল কৰিছে। 

আৰুজম্মু-কাশ্মীৰ আৰু উত্তৰ-পূব ভাৰতত বিদ্ৰোহ-বিৰোধী অভিযানৰো বিশাল অভিজ্ঞতা আছে। 

জেনেৰেল অনিল চৌহানে গোৰ্খা ৰাইফলছৰ সৈতে সেনাত প্ৰৱেশ কৰিছিল।