ভাৰত-চীন সীমান্ত ভ্ৰমণৰ উদ্দেশ্যৰে অসমলৈ আহিল দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তিনিদিনীয়া কাৰ্যসূচী লৈ উত্তৰ-পূৱৰ অসম আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ অহা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নিশাটো বাহৰ পাতিব উত্তৰ-পূৱৰ অন্যতম সামৰিক ঘাটি হিচাপে পৰিচিত দিনজান সেনা শিৱিৰত।
আজি সন্ধিয়া প্ৰায় ৪ বজাত মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক বিমানবন্দৰতে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ সৈকত পাত্ৰকে ধৰি সামৰিক বাহিনীৰ বহু শীৰ্ষ বিষয়াই আঁদৰণি জনায়। ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীজনে বিশেষ হেলিকপ্টাৰযোগে দিনজান সেনা শিৱিৰত উপস্থিত হৈ নিশাটো কটাব দিনজান সেনা শিৱিৰৰ ২ ক'ৰত। আজি সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় মন্ত্ৰীজনে ভাৰতীয় সেনাৰ জোৱানসকলৰে চাহ মেল আৰু এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকৰ অভাৱ-অভিযোগসমূহৰ সন্দৰ্ভতো বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীজনে। ইয়াৰ পিছতে ভাৰতীয় সেনাৰ জি অ' চি আৰু ৩ কৰ্পছ'কে ধৰি ভাৰতীয় সেনাৰ বহু শীৰ্ষ বিষয়াৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
দিনজান সেনা শিৱিৰৰ ২ ক'ৰত অনুষ্ঠিত হোৱা বৈঠতত সেনা প্ৰধান মনোজ পাণ্ডে, পি ভি এছ এম, এ ভি এছ এম, ভি এছ এম, এডিচি আৰু লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা ইউ ৱাই এছ এম, এ ভি এছ এম, এছ এম, ভি এছ এম আৰ্মি কমাণ্ডাৰ ইষ্টাৰ্ণ কমাণ্ডৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। অন্যহাতে এই বৈঠকত অৰুণাচল প্ৰদেশৰ সংবেদনশীল উত্তৰ-পূৱ প্ৰান্ত ভ্ৰমণৰ আগমুহুৰ্তত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ গতিবিধিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিশেষকৈ দীর্ঘদিন ধৰি বিবাদমান হৈ থকা চেলাপাছ অঞ্চলটো চীনে তেওঁলোকৰ ভূখণ্ড বুলি দাবী কৰি আহিছে। চীনৰ সৈতে ভাৰতে ২০০০ কিলোমিটাৰো অধিক আন্তর্জাতিক সীমান্ত ভগাই লৈছে। পিছে বিগত অর্ধশতিকা ধৰি এই সীমান্তৰ অধিকাংশ অঞ্চলতে চীনৰ সৈতে ভাৰতৰ বিবাদ হৈ আছে। এই জটিল বিষয়টোৰ সন্দৰ্ভতো সেনাৰ শীৰ্ষ বিষয়াৰ সৈতে গুৰুত্বসহকাৰে আলোচনা কৰে।