মাজুলীৰ কেশৱৰাম বৰা উঃমাঃ বিদ্যালয়ত 

বিদায় সম্বৰ্ধনা সভা সম্পন্ন 

আজি মধ্য মাজুলীত অৱস্থিত কেশৱ ৰাম বৰা উঃ মাঃ বিদ্যালয়ত দুগৰাকী ব্যক্তিৰ বিদায় সভা অনুষ্ঠিত কৰা হয় ৷সেই উপলক্ষে অনুষ্টিত সভাত সভাপতিত্ব কৰে অধ্যক্ষ ড° প্ৰভাত হাটিমতা ই ৷অৱসৰ প্ৰাপ্ত শিক্ষক চন্দ্ৰ শইকীয়াই উদ্বোধন কৰা সভা খনত মুখ্য অতিথি হিচেপে বক্তব্য ৰাখে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি অনিল দত্ত আৰু বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক টংকেশ্বৰ ভূঞা ই ৷নিদিষ্ট বক্তা হিচাবে বক্তব্য ৰাখে গেৰেকী জনজাতি মধ্য ইং বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক হীৰেণ দত্তই ।এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শিক্ষক তনুৰাম বৰা ,জীৱন বৰা ,নিত্যানন্দ দত্ত,দেৱেন নাথ ,সৰ্বেশ্বৰ বৰুৱা ,লীলাৰাম বৰা ,থানেশ্বৰ ওজা,কমল চন্দ্ৰ টায়ে ,সৰুমাই বৰুৱা, ইত্যাদিয়ে ৷উক্ত অনুষ্ঠানত অৱসৰ প্ৰাপ্ত কৰ্মচাৰী ডিম্ব বৰা আৰু তৰুণ কুমাৰ বৰুৱাক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট তথা ছাত্ৰ একতা সভাৰ তৰফৰ পৰা বিপুল ভাবে সম্বৰ্ধনা জনোৱা হয়৷ এই আনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ সহশিক্ষক নীলিম জ্যোতি বৰাই ।

বিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ শেষৰ ফালে অৱসৰ প্ৰাপ্ত কৰ্মচাৰী ডিম্ব বৰা ৰ পুত্ৰ তথা বিশিষ্ট কবি সাংবাদিক পাপু বৰা আৰু বিশিষ্ট লেখিকা ইন্দুলেখা হাজৰিকাই কবিতাৰ ব্যঞ্জনা আৰু বক্তব্যৰে অনুষ্ঠানটি অধিক প্ৰানৱন্ত কৰি তোলে ৷৷শিক্ষক থানু কৃষ্ণ দত্ত ৰ কথা আৰু সুৰ আৰু বিদ্যালয়ৰ শিক্ষক তিলক বৰুৱা আৰু বিদ্যালয়ৰ ছাত্ৰ দেৱপ্ৰতীম হাজৰীকাৰ দ্বাৰা পৰিচালিত বিদায় সংগীতটিৰে অনুষ্ঠানটিত সৌষ্ঠব বৃদ্ধি কৰে ৷ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক খগেন শইকীয়া,দিলীপ হাজৰিকা আৰু বনমালী বৰা ই ডিম্ব বৰা আৰু তৰুণ কুমাৰ বৰুৱা ৰ কৰ্ম দিনৰ স্মৃতি সোঁৱৰি পৰিৱেশটি অধিক আবেগিক কৰি তোলে ৷৷শেষত জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ সমাপ্ত হয়।