ধনশিৰি মহকুমাৰ  বৰপথাৰত অঘটন। তলাবন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে গৃহস্থৰ মৃতদেহ। বৰ্তমানেও পলাতক পত্নী।

বুধবাৰে এই ঘটনা সংঘটিত হৈছে বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শেনচোৱা গাঁৱত। 
উল্লেখ্যযোগ্য যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত কাম কৰিছিল শেনচোৱা গাঁৱৰ চম্পক সন্দিকৈ নামৰ ব্যক্তি জনে।

 মঙ্গলবাৰে ডিমাপুৰৰ পৰা নিজৰ ঘৰলৈ আহিছিল চম্পক। ডিমাপুৰৰ পৰা
ঘৰলৈ আহিয়ে পতি-পত্নীৰ মাজত কাজিয়া হোৱাৰ কথা জানিবলৈ দিয়ে চম্পকৰ পিতৃয়ে। 

বুধবাৰে 
ৰাতিপুৱা ডেউতাকে পুত্ৰক নেদেখি ডিমাপুৰত থকা লগৰীয়াক খবৰ কৰাত চম্পক ডিমাপুৰলৈ ঘূৰি যোৱা নাই বুলি নিশ্চিত হয় । ঘৰুৱা মানুহক লগতলৈ দেউতাকে চম্পকক বিচাৰ-খোচাৰ কৰাত  বাহিৰৰ পৰা চাওঁতে  ৰুমৰ ভিতৰতে প্ৰত্যক্ষ কৰে চম্পকক। 

আনহাতে ৰুমটো বাহিৰৰ পৰা তলা মাৰি চম্পকৰ পত্নী নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকৰ সন্দেহ  হয়। ইপিনে  পুত্ৰ চম্পকক পত্নীয়ে পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে চম্পকৰ পিতৃয়ে । ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত ৰুমৰ ভিতৰৰ পৰা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে । প্ৰাথমিক পয্যায়ত এইয়া এক হত্যাকাণ্ড বুলি বৰপথাৰ আৰক্ষীয়ে মন্তব্য কৰিছে যদিওঁ মৰণোত্তৰ পৰীক্ষাৰ পিচতহে নিশ্চিত হব এইয়া পৰিকল্পিত হত্যা নে আত্মহত্যা।