সীমান্তৱৰ্তী জোনাই মহকুমাৰ ৰজাখানা পঞ্চায়তত অবস্থিত ঐতিহ্যমণ্ডিত ৰাজাখানা পুখুৰীখন সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাইজে দাবী জনাইছে। উল্লেখযোগ্য যে জোনাই সদৰৰ পৰা প্ৰায় ৮ কিলোমিটার পশ্চিমে আৰু উত্তৰ-পূব সীমান্ত ৰে'লপথৰ পৰা ডেৰ কিলোমিটাৰ উত্তৰে অৱস্থিত ধ্বংসপ্রাপ্ত ৰজাখানা পুখুৰী আজি ৰাজকীয় পৰিবেশ আৰু ঐতিহ্যক বহন কৰে। কিছুমানৰ মতে ইয়াক ৰাজগড় (Royal Palace) বুলিও কয়। ৰজাই খন্দা পুখুৰীটোক কেন্দ্ৰ কৰি অঞ্চলটোৰ নামকৰণে ৰজাখানা হ'ল বুলি জনা যায়। জনশ্রুতি মতে, আৰিমত্ত নামৰ এজন ৰজাই এই বৃহৎ পুখুৰীটো খন্দাইছিল। এই বৃহৎ তথা মৃতপ্রায় পুখুৰীটো আয়তাকাৰ আৰু দীঘলে উত্তৰ-দক্ষিণাকৈ ৫০০ মিটাৰ আৰু বহুলে পূব-পশ্চিমমুৱাকৈ ৪০০ মিটাৰ দৈর্ঘ্য। পুখুৰীটোৰ পাৰবোৰ এতিয়াও ১০-১৫ মিটাৰলৈ উচ্চতাত দেখিবলৈ পোৱা যায়। পুখুৰীটোৰ দক্ষিণ পশ্চিম ফালে আজিও কিছুমান দম হৈ পৰা আৰু মাটিৰ তলত পোত খাই থকা মধ্যযুগীয় ইটা দেখা যায়। লক্ষণীয় যে তাহানিতে প্রায় তিনিফুট উচ্চতাৰ শিলৰ টুকুৰাত অতি সুন্দৰকৈ খুন্দিত মানুহ, নানা জীৱ-জন্তুৰ ছবি দেখিবলৈ পোৱা গৈছিল। ১৯৫০ চনৰ বৰ ভূঁইকপত ইয়াৰ ঘৰ, অট্টালিকাবোৰ ভাঙি ছিন্ন-বিচ্ছিন্ন হৈ পৰে। স্থানীয় ৰাইজৰ মতে আজিও পুখুৰীটোৰ পাৰত মাটিৰ তলত বহু মধ্যযুগীয় ইটা, নানান প্রাচীন কীৰ্তিচিহ্নৰ ভগ্নাৱশেষ সমাধিস্থিত হৈ আছে। অঞ্চলটো এসময়ত জনশূন্য আৰু ঘন অৰণ্যৰে ভৰা আছিল। ১৯৫৬ চনৰ পৰা এই অঞ্চলত লাহে লাহে মানুহৰ বসতি আৰম্ভ হয়। প্রথমে হাতী ধৰা কাম এই অঞ্চলত চলিব ধৰিলে। এই বৃহৎ পুখুৰীত হাতীয়ে জুমপাতি গা ধুইছিল। ডাঙৰ ডাঙৰ হাতীবোৰে পুখুৰীৰ গভীৰতাক ঢুকি নেপাই সাঁতুৰিব লগাত পৰিছিল। তদুপৰি পুখুৰীৰ পানী ভাগত এখন কাঠৰ নাও দেখা পোৱা গৈছিল। বয়োজ্যেষ্ঠ সকলে কোৱামতে— ১৯৮২ চনৰ ভাদমাহত চুবুৰীয়া অৰুণাচল প্ৰদেশত পাহাৰ ভাঙি অহা এক প্রবল বানপানীৰ সোঁতে এই পুখুৰীৰ পাৰ ভাঙি পুখুৰীটোৰ মাজত এটা উপনদীৰূপে বৈ যায়। বর্তমানেও বৃহৎ পুখুৰীটোৰ মাজেৰে বৈ থকা উপ নৈখনক 'ৰাজাখানা নৈ' নামে জনা যায়। প্রবাদমতে পাহাৰৰ পানীৰ প্ৰবল সোঁতৰ হেচাত পুখুৰীটোৰ উত্তৰ পাৰ ভাঙি পুখুৰীত পানীৰ প্রবেশ ঘটে আৰু পিচত এক প্রকাণ্ড বিস্ফোৰণেৰে দক্ষিণ পাৰ ভাঙি পানী ওলাই যায়। দিনৰ প্রায় ডেৰ-দুই বজাত এক প্রকাণ্ড বিস্ফোৰণৰ পিচমুহূর্ততে ওলাই অহা ডাঙৰ ডাঙৰ মাছ, কাছ, সাপ অঞ্চলটোত বিয়পি পৰিছিল। এই বৃহৎ পুখুৰীটোৰ ধ্বংসাবশেষবোৰ আজিও ৰজাদিনীয়া ঐতিহ্য বহন কৰে । কোনো ৰাজকীয় পৰিয়ালৰ বাদে এনে ধৰণৰ বিশাল “বিহাৰ তৈয়াৰ কৰা প্ৰায় অসম্ভৱ। মধ্যযুগীয় ইটা, খুন্দিত শিলৰ নমুনা আৰু পুখুৰীৰ পৰিবেশ কোনোবা এটা যুগৰ এক সংস্কৃতিৰ জ্বলন্ত নিদর্শন। ইয়াত নিশ্চয় কোনো ৰাজকীয় অবদান সন্নিবিষ্ট হৈ আছে। ৰজাখানা পুখুৰী বা ৰাজগড়ৰ সঠিক গবেষণাই বুৰঞ্জীৰ পাতত এক নতুন অধ্যায় সন্নিবিষ্ট হোৱাৰ পূর্ণ থল আছে। ফলত ৰজাখানা গাঁৱৰ ৰাইজে ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথ্য পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ তথা পুৰাতত্ত্ব বিভাগৰ ওচৰত দাবী জনাইছে l
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ओपन पोर्स को हटाने के कई तरीके || How To Get Rid of Large Open Pores (Permanent Treatments)
ओपन पोर्स को हटाने के कई तरीके || How To Get Rid of Large Open Pores (Permanent Treatments)
छगन भुजबळ यांच्या प्रश्नांनी आरोग्यमंत्री तानाजी सावंतांची उडाली भंबेरी; सभागृहात एकच हशा
छगन भुजबळ यांच्या प्रश्नांनी आरोग्यमंत्री तानाजी सावंतांची उडाली भंबेरी; सभागृहात एकच हशा
હાલોલ કુમાર શાળાના વિજ્ઞાન શિક્ષક પ્રવીણભાઈ અને વિદ્યાર્થીઓ શહેઝાદ અને હસનેને મોબાઈલ અને લેપટોપ ચાર્જ કરતી સોલર પેનલ સંચાલિત સ્માર્ટ બેગ બનાવી.
પોલીકેબ સોશ્યલ વેલ્ફેર ફાઉન્ડેશન દ્વારા આજરોજ હાલોલ જીઆઇડીસીના મોડલ સ્કૂલ ખાતે યોજાયેલ સાયન્સ...
ખોખરા પો.સ્ટેના કર્મચારીઓ ને વિદ્યાર્થીની, NGO ની બહેનો એ રાખડી બાંધી રક્ષા વચન, આશિર્વાદ મેળવ્યાં.
ખોખરા પો.સ્ટેના કર્મચારીઓ ને વિદ્યાર્થીની, NGO ની બહેનો એ રાખડી બાંધી રક્ષા વચન, આશિર્વાદ મેળવ્યાં.
AAP Protest: Kejriwal की गिरफ्तारी के खिलाफ 'आप' ने चलाया थाली बजाओ अभियान | Saurabh Bhardwaj
AAP Protest: Kejriwal की गिरफ्तारी के खिलाफ 'आप' ने चलाया थाली बजाओ अभियान | Saurabh Bhardwaj