শিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰত "ইতিহাস থিয়েটাৰ"ৰ সাময়িক প্ৰৱেশ পত্ৰ উন্মোচনী সভা সম্পন্ন

ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰৰ মণিকূট নিৰ্মাণৰ সাহাৰ্যাৰ্থে আমন্ত্ৰণ জনোৱা ইতিহাস থিয়েটাৰৰ সাময়িক প্ৰৱেশ পত্ৰ উন্মোচনী সভাখন সত্ৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হয়। থিয়েটাৰ পৰিচালনা সমিতিৰ সম্পাদক মতিৰাম শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখন সঞ্চালনা কৰে থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি বিনয় কুমাৰ বৰুৱাই। দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকাই উদ্বোধন কৰা সভাত সামূহিক প্ৰৱেশ পত্ৰ সমূহ উন্মোচন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী সোনাৰাম ডেকা, যুৱ সমাজকৰ্মী সত্যপ্ৰসাদ ডেকা আৰু ছিপাঝাৰৰ যুৱ সমাজকৰ্মী দীপাংকৰ নাথে । সভাত পলিকন প্ৰাইভেট লিমিটেডৰ সঞ্চালক প্ৰমোদ ৰাজবংশী, হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উচ্চ বৰ্গ সহায়ক জিতেন্দ্ৰ নাথ শৰ্মাই অংশ গ্ৰহণ কৰে।