ভয়ংকৰ জলবায়ু পৰিৱৰ্তন হোৱা ভাৰতৰ ৮ ৰাজ্যৰ ভিতৰত ১ খন হৈছে অসম।অসমৰ নগৰসমূহত এনেকৈ গছ কাটি থাকিলে পৰিস্থিতি আৰুহে ভয়াবহ হ'ব।গোলাঘাট নগৰত যেন গছ কটাৰ প্ৰতিযোগিতাহে হৈছে।প্ৰথমে পাৰ্ক সমূহৰ গছ কাটি তহিলং কৰিব,আৰু তাৰ পাছত ক'ব যে গছ থাকিলেহে মানুহ থাকিব।এনেকৈ কেনেকৈ হ'ব?গছ কাটি উদ্যান খোলা কাৰবাৰ গোলাঘাটত বন্ধ হ'ব লাগিব।
উন্নয়নৰ নামত গোলাঘাটৰ জ্যোতিৰ্ময়ী শিশু উদ্যানত গছ-কাটি তহিলং কৰা কাৰ্য্যৰ বিৰোধিতা বিধায়ক মৃনাল শইকীয়াৰ।