ৰাজস্থানৰ দৰে অসম কংগ্ৰেছতো যদুকুল ধবংসৰ আখৰা চলি আছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজৰ দলৰ একাংশ বিধায়কক ‘গড্ডাৰ’ বুলি কৰা মন্তব্যই দলটোৰ অভ্যন্তৰত ইতিমধ্যে তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে৷ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দলৰ একাংশ বিধায়কে ক্ৰছ ভোটিং কৰা বুলি অভিযোগ কৰি সভাপতি বৰাই ইতিমধ্যে এইসকল বিধায়কক ‘গড্ডাৰ’ বুলি চিহ্নিত কৰিছিল৷ কিন্তু এই পৰ্যন্ত সভাপতি বৰাই ‘গড্ডাৰ’ বিধায়ক কেইজনক চিনাক্ত কৰি দলীয় অনুশাসন কমিটীৰ সন্মুখত হাজিৰ কৰাব নোৱাৰিলে৷ ফলত দলটোৰ অধিকাংশ বিধায়ক আজি অসন্তুষ্ট হৈ পৰিছে৷ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীক দলৰ ২৪জন বিধায়কে ভোট নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ২৪ জন বিধায়কৰ ভিতৰত ১৮জন বিধায়কে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীক ভোট দিয়াৰ বিপৰীতে ৬জন বিধায়কে শাসকীয় দলৰ সমৰ্থনত ক্ৰছ ভোটিং কৰা বুলি সন্দেহ কৰা হৈছে৷ কিন্তু এই ৬জন বিধায়কক চিনাক্ত কৰি তেওঁলোকৰ নাম ৰাজহুৱা কৰাৰ পৰিৱেৰ্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই সকলোকে সাঙুৰি ‘গড্ডাৰ’ বিধায়ক বুলি অভিহিত কৰে৷ ফলত দলৰ ২৪জন বিধায়কে এই অপবাদ মূৰ পাতি ল’বলগীয়া হয়৷ সভাপতিজনৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰে দলৰ অধিকাংশ বিধায়ক৷ ৰাজীব ভৱনৰ সূত্ৰ মতে দলৰ একাংশ বিধায়ক অগপ আৰু এ আই ইউ ডি এফৰে সঘন যোগাযোগ অব্যাহত ৰাখিছে৷ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও দাবী কৰি আছে যে কংগ্ৰেছৰ ৬/৭ জন বিধায়ক তেওঁৰ সৈতে যোগাযোগত আছে৷ যিকোনো মুহূৰ্তত এই সকল বিধায়কে কংগ্ৰেছ এৰি এ আই ইউ ডি এফত যোগ দিবলৈ সাজু হৈ আছে৷ তেনে ক্ষেত্ৰত অসম কংগ্ৰেছতো লংকা কাণ্ড সংঘটিব হ’ব নেকি? উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগন্তুক অসম ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পবন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ প্ৰসংগ ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য যে দলীয় কাম-কাজ আৰু সিদ্ধান্তৰ ক্ষেত্ৰত দলৰ বিধায়ক সকলক সততে এলাগী কৰি ৰখা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ অধিকাংশ বিধায়কে৷ কেবল ইয়াতে শেষ নহয় প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাটৰ অধ্যায়৷ প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কিছুদিন পূৰ্বে দলৰ কাম-কাজক ৰাজহুৱাভাৱে নিজৰ ক্ষোভ আৰু অসন্তোষ প্ৰকাশ কৰিছিল৷
ধুবুৰীৰ ৰাজীৱ ভৱনত খণ্ডযুদ্ধ
অহা ৩ নৱেম্বৰত ধুবুৰীৰ পৰা শদিয়ালৈ হ’বলগীয়া ভাৰত জোড়ো যাত্ৰাৰ সন্দৰ্ভত আজি ধুবুৰীস্থ ৰাজীৱ ভৱনত আয়োজিত এখন বিশেষ কাৰ্যনিৰ্বাহক সভা আৰম্ভ হোৱাৰ পূৰ্বেই সৃষ্টি এক অভূতপূৰ্ব পৰিস্থিতিৰ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কেইবাজনো শীৰ্ষ বিষয়াববীয়াৰ সন্মুখতেই স্থানীয় একাংশ কংগ্ৰেছীয়ে নিজৰ মাজত লিপ্ত হয় দুৰ্বাদল কাজিয়াত৷ অৱশ্যে বাকবিতণ্ডাৰ অন্ত পৰাৰ পিছত সুকলমেই অনুষ্ঠিত হয় জিলা কংগ্ৰেছৰ সেই বৈঠকখন৷ স্মৰ্তব্য যে, যোৱা ২২ ছেপ্টেম্বৰৰ দিনাও ধুবুৰীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদেমেলৰ মাজতে সৃষ্টি হৈছিল এক হূলুস্থূলীয়া পৰিৱেশৰ৷ সিদিনা সংবাদিকৰ কেমেৰাৰ সন্মুখতে নিজৰ মাজতেই দুৰ্বাদল কাজিয়াত লিপ্ত হৈছিল একাংশ কংগ্ৰেছী৷ সেই ঘটনাৰ কেইদিনমান পূৰ্বে ধুবুৰী গ্ৰামীণ ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিজনৰ এখন আদৰণি সভাত কোনো স্থানীয় কংগ্ৰেছী নেতাই দেশী আৰু গৰিয়া-মৰিয়াক উদ্দেশ্যি তাচ্ছিল্যসূচক মন্তৱ্য কৰাৰ অভিযোগেৰে সৃষ্টি হৈছিল আন এক বিতৰ্কৰ৷ উল্লেখ্য যে, আজিৰ জিলা কংগ্ৰেছৰ এই বিশেষ কাৰ্য্যনিৰ্বাহক সভাখনত দলটোৰ সাধাৰণ সম্পাদক তথা ভাৰত জোড়ো যাত্ৰাৰ ৰাজ্যিক সমন্বয়ক ৰমেন বৰঠাকুৰ, দক্ষিণ শালমাৰা বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৱাজেদ আলী চৌধুৰী, এপিচিচিৰ কাৰ্য্যনিৰ্বাহক সদস্য ৰামান্ন বৰুৱা আৰু গোলাপ শইকীয়া, সেৱা সমিতিৰ অধ্যক্ষ দ্বীপ বায়ন, প্ৰাক্তন মন্ত্ৰী নজিবুল ওমৰ, গোলকগঞ্জৰ বিধায়ক সোৱাহান আলী সৰকাৰ, জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ছামচুল ইছলাম, প্ৰাক্তন সাংসদ আব্দুল হামিদ প্ৰমুখ্যে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ অইন কেইবাজনো বিষয়ঃববীয়া উপস্থিত আছিল৷