দলৰ হাইকমাণ্ড বা শীৰ্ষ নেতৃত্বৰ ওচৰত ভৰসা হেৰুৱাই কংগ্ৰেছৰ শীৰ্ষপদবীৰ দৌৰৰ পৰা বাহিৰ হৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট৷ একেসময়তে কংগ্ৰেছ দলৰ সভাপতি আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ দুয়োটা পদ হাতত ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলোৱা আৰু দলীয় নীতি বিৰোধী এই কাম চৰিতাৰ্থ কৰাৰ বাবে অনুগামী বিধায়কক বিদ্ৰোহত লিপ্ত কৰাই হঠাতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ আস্থা হেৰুৱাইছে অশোক গেহলটে৷ অশোক গেহলটৰ এই অনমনীয় মনোভাৱত কেৱল হাইকমাণ্ডেই নহয়, ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ ৱৰ্কিং কমিটীও৷ ফলত অশোক গেহলটক কংগ্ৰেছৰ সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা একপ্ৰকাৰ আঁতৰ কৰা হৈছে৷ দলৰ শীৰ্ষ নেতৃবৰ্গই অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক জনাইছে যে সম্ভাৱ্য সভাপতি হিচাপে অশোক গেহলটক ভৰসা কৰা উচিত নহ’ব৷ তেওঁ মুঠেই বিশ্বাসভাজন নহয়৷ কিয়নো দেওবাৰে নিশা যেতিয়া অশোক গেহলটৰ সমৰ্থনত ৰাজস্থানৰ ৯২ জন বিধায়কে বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি শীৰ্ষ নেতৃত্বক হেঁচা দিছিল, তেতিয়া গেহলটে তেওঁৰ অনুগত বিধায়কসকলক ক্ষান্ত কৰিব নোৱাৰে বুলি হাইকমাণ্ডক জনাই দিছিল৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দেওবাৰে নিশা হাইকমাণ্ডে গেহলটক ফোনত যোগাযোগ কৰিছিল৷ উত্তৰত গেহলটে কৈছিল– পৰিস্থিতি তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰত৷ তেওঁ অসহায়, একো কৰিব নোৱাৰে৷ তেতিয়াই অশোক গেহলটৰ ওপৰত বিশ্বাস হেৰাইছিল শীৰ্ষ নেতৃত্বৰ৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অন্ততঃ এইকথা বুজিছিল যে দুয়োটা পদ একেলগে ৰখাৰ বাবে কৰা গেহলটৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা ফলপ্ৰসু নোহোৱাত তেওঁ নিজেই বিধায়কসকলক প্ৰৰোচিত কৰি বিদ্ৰোহত নামাইছে৷ অথচ তাৰ আগলৈকে শীৰ্ষ নেতৃত্ব নিশ্চিত আছিল যে, গেহলট কংগ্ৰেছৰ সভাপতি হ’লে মসৃণভাৱেই ৰাজস্থানৰ মুখ্যমন্ত্ৰী হ’ব শচীন পাইলট৷ ‘এক ব্যক্তি, এক পদ’ নীতি ৰাজস্থানৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব বুলি শীৰ্ষনেতৃত্বই পূৰ্বেই প্ৰকাশ কৰিছিল৷ কিন্তু অশোক গেহলটৰ প্ৰৰোচনাত দেওবাৰে দলৰ ৯০ ৰো অধিক বিধায়কে বিদ্ৰোহত লিপ্ত হৈ দলবিৰোধী কাৰ্যত জড়িত হৈ পৰে৷ অথচ দেওবাৰে শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব বিধায়কৰ পৰা সেই মতামত লোৱাৰ বাবে ৰাজস্থানত উপস্থিত আছিল অজয় মাকেন আৰ মল্লিকাৰ্জুন খৰ্গে৷ কিন্তু ৰাজস্থানৰ বিধায়কসকলে তেওঁলোকক সাক্ষাৎ নকৰিলে৷ ৰাজস্থানত অপমানিত হৈ মাকেন আৰু খৰ্গে সোমবাৰে নতুন দিল্লীলৈ উভতি গৈ ৰাজস্থানৰ প্ৰকৃত পৰিস্থিতি জনাইছে ছোনিয়া গান্ধীক৷ ইয়াৰ পাছতে অশোক গেহলট সভাপতিৰ পদৰ দৌৰৰ পৰা বাহিৰ হয়৷ সোমবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অশোক গেহলট আৰু শচীন পাইলটৰ মাজত মধ্যস্থতা কৰিবলৈ কমল নাথক দায়িত্ব দিছে৷
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
প্ৰকৃত পৰিস্থিতি অনুধাৱন কৰি সোমবাৰে সন্ধিয়া অশোক গেহলটে দেওবাৰৰ ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে৷ অশোক গেহলটৰ এই ক্ষমাভিক্ষাই অৱশ্যে গান্ধী পৰিয়াল তথা শীৰ্ষ নেতৃত্বৰ মন কোমলাব পৰা নাই৷ পৰিৱৰ্তিত পৰিস্থিতিত অশোক গেহলটে মুখ্যমন্ত্ৰীৰ আসনখনো হেৰুওৱাৰ আশংকা উদ্ভৱ হৈছে৷ অশোক গেহলটে কেন্দ্ৰীয় নেতৃত্বই দেওবাৰে ৰাজস্থানলৈ প্ৰেৰণ কৰা ‘অবজাৰভাৰ’ মল্লিকাৰ্জুন খৰ্গেৰ ওচৰত ক্ষমা খোজে আৰু কয় যে দেওবাৰৰ পৰিস্থিতি ‘সম্পূৰ্ণ ভুল’ আছিল আৰু ‘তেনে হ’ব নালাগিছিল৷’ নিশাটোৰ ভিতৰতে সলনি হোৱা পৰিস্থিতিত এতিয়া সম্ভাৱ্য সভাপতিৰ প্ৰাৰ্থী হিচাপে কমল নাথৰ নাম চৰ্চা হৈছে৷ তেওঁ গান্ধী পৰিয়ালৰ প্ৰতি নিষ্ঠাৱান৷ তেওঁ সোমবাৰে দিল্লীত উপস্থিত হৈ ছোনিয়া গান্ধীক সাক্ষাৎ কৰে৷ এই মুহূৰ্তত সভাপতিৰ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত কমল নাথৰ উপৰি কে চি বেনুগোপাল, দ্বিগ্বিজয় সিং আৰু মল্লিকাৰ্জুন খৰ্গেৰ নামো চৰ্চাৰ শীৰ্ষলৈ আনিছে৷ অশোক গেহলটৰ কাৰ্যই দলৰ ওপৰত ছোনিয়া গান্ধীৰ কতৃৰ্ত্ব লাঘৱ কৰিলে বুলি বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই মন্তব্য কৰাৰ পাছতে গান্ধী পৰিয়ালৰ প্ৰতি অধিক নিষ্ঠাৱান এজনক কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ পদত সংস্থাপিত কৰাত হাইকমাণ্ড তৎপৰ হৈ পৰিছে৷