কৰৰ বোজাৰে ভাৰাক্ৰান্ত জনতাৰ মূৰত পুনৰ মাধমাৰ শোধাবলৈ উদ্যত হৈছে কেন্দ্ৰীয় চৰকাৰ৷ কেন্দ্ৰত ক্ষমতাসীন বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে বিভিন্ন অজুহাতত জনতাৰ ওপৰত জাপি দিছে কৰৰ বোজা৷ এইবাৰ প্ৰকৃতিপ্ৰদত্ত পানীৰ ওপৰতো কৰ আৰোপ কৰাৰ সকলো ব্যৱস্থা প্ৰায় সম্পূৰ্ণ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে৷ ফলত কেইদিনমান পাছৰ পৰা জনতাৰ বাবে বিনামূলীয়া নহ’ব প্ৰকৃতিয়ে দিয়া পানীটুপিও৷ বিভিন্ন অজুহাতত এইবাৰ পানীৰ নামত কেন্দ্ৰীয় চৰকাৰে জনতাৰ ওপৰত ৰামটাঙোন শোধোৱাৰ ব্যৱস্থা কৰিছে৷ চৰকাৰে পানীৰ ওপৰত থকা জনতাৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা৷ যি নিৰ্দেশনাৰ বাবে অসমৰ নগৰাঞ্চলৰ সকলো লোকে এক অভূতপূৰ্ব পৰিস্থিতিৰ সন্মুখীন হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভেলপাৰ্ছ এছ’চিয়েচন চমুকৈ ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই৷ তেওঁ কয় যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনাই এই ভয়াৱহ সংকট কঢ়িয়াই আনিছে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৱাসিক এপাৰ্টমেণ্ট, গোট হাউচিং ছ’চাইটি, চৰকাৰী পানী যোগান সংস্থা, নগৰ অঞ্চলত বৃহৎ পৰিমাণৰ পানী যোগানকৰ্তা নাইবা ঘৰুৱা ব্যৱহাৰকাৰীকে ধৰি সকলো ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে৷ যাৰ ফলত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব৷ উল্লিখিত ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰী সকলে নতুন নিৰ্দেশনা অনুসৰি পঞ্জীয়ন মাচুল পৰিশোধ কৰি সংশ্লিষ্ট কতৃৰ্পক্ষৰ ওচৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ কিন্তু পঞ্জীয়ন কৰিবলৈ যাওঁতে আবেদনকাৰীয়ে চৰকাৰীভাৱে যে পানী যোগান ধৰিবলৈ অসমৰ্থ তাৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰি সংশ্লিষ্ট কতৃৰ্পক্ষৰ ওচৰত আবেদন কৰিব লাগিব৷ লগতে মানিব লাগিব আন কেতবোৰ নিয়ম৷ পঞ্জীয়ন কৰিবলৈ যাওঁতে পৰিশোধ কৰিব লাগিব এক লাখ টকাপৰ্যন্ত মাচুল৷ মাচুল আদায়ত বিলম্ব হ’লে বুজন অংকৰ জৰিমনাৰো দিহা কৰা হৈছে৷ আনহাতে ৰাইজে ব্যৱহাৰ কৰা পানীৰ বিপৰীতে ডিজিটেল পেইজ’মিটাৰ স্থাপন কৰি বিল দিব লাগিব৷ অৰ্থাৎ মিটাৰ ৰিডিং অনুসৰি পানীৰ মাচুল দিব লাগিব৷ সেইদৰে বিল্ডিঙত নৰ্দমা শোধন প্ৰকল্প স্থাপন কৰিব লাগিব আৰু যাৰ দ্বাৰা শৌচাগাৰৰ ফ্লাচিং, বাগিচা আৰু গাড়ী ধোৱাৰ বাবে পানীৰ পুনৰ ব্যৱহাৰ কৰিব লাগিব৷ এই সমগ্ৰ প্ৰক্ৰিয়া সম্পাদন কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে৷ শৰ্মাই লগতে কয় যে ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰণালয় [জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন বিভাগ] [কেন্দ্ৰীয় ভূ-জল কতৃৰ্পক্ষ]ৰ দ্বাৰা জাৰি কৰা ২০২০ চনৰ ২৪ ছেপ্টেম্বৰৰ এক অধিসূচনাৰ আধাৰত এই নিৰ্দেশ দিয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰ সংশ্লিষ্ট কতৃৰ্পক্ষই দাবী কৰা অনুসৰি ২০১৫ চনৰ পৰা বাতৰি কাকতত কেইবাটাও ৰাজহুৱা জাননী জাৰি কৰা হৈছে৷ দুৰ্ভাগ্যৱশতঃ এই বিভ্ৰান্তিকৰ দিশটোৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ লোৱা নাছিল৷ আইনী জটিলতাৰ জ্ঞান নথকা ৰাইজৰ মাজত এই বিষয়টো অধিক ভালদৰে কোৱা হোৱা নাছিল৷ লক্ষণীয় বিষয় যে পানীৰ ওপৰত অধিকাৰ তথা নিয়ন্ত্ৰণ ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়৷ উল্লেখ যে পানী যোগানৰ বাবে শক্তিশালী ব্ৰহ্মপুত্ৰত প্ৰচুৰ উপলব্ধতা থকা স্বত্বেও চৰকাৰে পানী যোগান ধৰিব পৰা নাই আৰু ইতিমধ্যে পৌৰসভাসমূহে পানী যোগান নধৰাকৈয়ে আৰোপ কৰা পানী কৰৰ বোজা বহন কৰি আহিছে জনসাধাৰণে৷ ইফালে গুৱাহাটীত চৰকাৰী পানী যোগান আঁচনিয়ে জনসংখ্যাৰ মাত্ৰ ৩০ শতাংশ সামৰি লয়৷ কাষত মহাবাহু ব্ৰহ্মপুত্ৰ থকাসত্ত্বেও গুৱাহাটীৰ লোকসকলে খোৱাপানীটুপিৰ বাবে চৰকাৰক আদায় দিব লাগিব বুজন অংকৰ কৰ৷ ৰাজ্যৰ বাকী অংশৰ অৱস্থা আৰু অধিক বেয়া৷ যাৰ বাবে নাগৰিকে জীয়াই থকাৰ বাবে কেৱল ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই৷ নাগৰিকে নিজা ব্যয়ৰে ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰি আহিছে৷ কিন্তু এতিয়া জনসাধাৰণক পানী ব্যৱহাৰৰ বাবে অসম ভূ-জল নিয়ন্ত্ৰণ আৰু নিয়ামক আইন ২০১২ আৰু পৌৰসভাৰ পানী কৰৰ উপৰিও অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হৈছে৷ ইফালে কেন্দ্ৰীয় অধিসূচনাত আৱেদনৰ ওপৰত এক লাখ টকাৰ জৰিমনা আৰোপ কৰাৰ বাবে আন কোনো ব্যৱস্থা নাই৷ কিন্তু যেতিয়া কোনো আবেদনকাৰীয়ে চি জি ডব্লিউ এৰ অফিচিয়েল ৱেবছাইটত লগ ইন কৰি এন অ’ চি প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকক পোনপটীয়াকৈ এক লাখ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হয়৷ তদুপৰি নিৰ্দেশনা অনুসৰি এটা সম্পূৰ্ণ আৰু অধিকৃত বিল্ডিঙত নতুন প্লাম্বিং নেটৱৰ্কৰ সৈতে নৰ্দমা শোধন প্ৰকল্প স্থাপন কৰাটো কাৰিকৰীভাৱে অসম্ভৱ৷ এই ভয়াৱহ সংকটৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে এই অভূতপূৰ্ব পৰিস্থিতিত আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰকৃতিপ্ৰদত্ত পানীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া কৰৰ বোজাৰ পৰা অসমৰ জনসাধাৰণক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছো৷ পানী জীৱনৰ বাবে এক মৌলিক প্ৰয়োজনীয়তা আৰু এইক্ষেত্ৰত এনে কৰৰ বোজাই জনসাধাৰণক জুৰুলা কৰিব বুলি শৰ্মাই কয়৷ তেওঁ সংবাদ মেলত কয়- এপাৰ্টমেণ্ট, গ্ৰুপ হাউচিং, ছ’চাইটিত ঘৰুৱা ব্যৱহাৰৰ ক্ষেত্ৰত এনঅ’চি থকা সকলে প্ৰতিমাহত ৯.২৫ এম কিউৱত মাচুল দিব নালাগে৷ প্ৰতিমাহে ২৬-৫০ এম কিউৱত প্ৰতি লিটাৰত ১ টকা, ৫০ ৰ অধিক হ’লে ২ টকা দিব লাগিব৷ পেক ড্ৰিংকিং ৱাটাৰ [এবছট্ৰেকচন]ৰ ক্ষেত্ৰত চেফ-৫০ এম কিউৱত প্ৰতিদিনে নূন্যতম ১ টকা, ৫০০০ এম কিউৱত প্ৰতিদিনে অথবা অধিক হ’লে ১০ টকা দিব লাগিব৷ চেমি ক্ৰিটিকেলত- ৫০ এম কিউৱত প্ৰতিদিনে ২ টকা, ৫০০০ এম কিউৱত প্ৰতিদিনে ২০ টকা৷ ক্ৰিটিকেলত- ৫০ এম কিউৱত প্ৰতিদিনে ৪ টকা, ৫০০০ এম কিউৱত প্ৰতিদিনে ৬০ টকা দিব লাগিব৷ পেক ড্ৰিংকিং ৱাটাৰ [ৰেছটুৰেচন]ত উদ্যোগৰ বাবে ৫০ এম কিউৱত প্ৰতিদিনে ৮ টকা, ৫০০০ এম কিউৱত প্ৰতিদিনে ১২০ টকা দিব লাগিব৷ সংবাদমেলত ‘এৰিডা’ৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল