তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ খাইৰাতাবাদ অঞ্চলত দুৰ্গা পূজা মণ্ডপত দেৱীৰ মূৰ্তি ভাঙি পেলোৱাৰ এটা গোচৰ পোহৰলৈ আহিছে। এই স্পৰ্শকাতৰ ঘটনাটোৰ পিছতে অঞ্চলটোত উত্তেজনা পৰিলক্ষিত হয়।
দেৱীৰ মূৰ্তি লণ্ড ভণ্ড কৰাৰ অভিযোগত ইতিমধ্যেই আৰক্ষীয়ে দুগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলাক গ্ৰেপ্তাৰ কৰিছে।
ঘটনাটো সন্দৰ্ভত হায়দৰাবাদৰ কেন্দ্ৰীয় মণ্ডলৰ ডিচিপি চন্দ্ৰই জনোৱা মতে, বিষয়টোৰ ওপৰত তদন্ত চলাই থকা হৈছে।
জানিব পৰা অনুসৰি, দেৱীৰ মূৰ্তি ভঙা কাৰ্যত জড়িত থকা এগৰাকী মহিলাৰ হাতত কিবা সঁজুলিও আছিল। মহিলা দুগৰাকীক বাধা দিবলৈ যোৱা একাংশ লোকক তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰিছিল।