শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক চিমেন চাপৰি অধিৱেশনৰ প্ৰস্তুতি:তিনিশতাধিক ভক্তই গাইনদীত কাটিলে মাদুৰিপাত,কেইবাশ শিৱিৰ নিৰ্মাণৰ প্ৰস্তুতি
অহা ১০,১১ আৰু ১২ ফেব্ৰুৱাৰী ত ধেমাজি জিলাৰ চিমেন চাপৰিত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন। সঙ্ঘৰ জোনাই জিলা শাখাৰ আতিথ্যত চিমেন চাপৰিৰ 'পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত' অনুষ্ঠিত হ'ব লগীয়া অধিৱেশনৰ পৰিচালনাৰ বাবে গঠিত মুল সমিতিৰ লগতে ৩৫ খন উপ-সমিতিয়ে দিবা নৈশ কামকাজ অব্যাহত ৰাখিছে। ইপিনে দেওবাৰে সংঘৰ চিচি শিৰোমণি আঞ্চলিক শাখাৰ নেতৃত্বত নিলখৰ বালিজানৰ গাইনৈ চাপৰিত ভকতে বৃহৎ সংখ্যক মাদুৰিপাত যোগাৰ কৰিলে। প্ৰতিনিধি আৰু সেৱা বাহিনীৰ জিৰণিৰ বাবে নিৰ্মীয়মান শিৱিৰত ব্যৱহাৰ কৰিব এই বিশাল পৰিমাণৰ পাতবোৰ। হৰ্ষোল্লাসৰ মাজেৰে ৪০ টেক্টৰ মাদুৰীপাত মজুত কৰি সকলোৱে গাইনৈ চাপৰিতে ভোজভাত আয়োজন কৰে।