বানৰ বিভীষিকা ছিপাঝাৰ বিধানসভা সমষ্টিত ম্লান হোৱাৰ পাছত পুনৰ উত্তৰ প্ৰান্তত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলশ্ৰুতিত ননৈ নদীৰ জলৰাশি ফেনে-ফোঁটোকাৰে বাঢ়ি আহে।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
ননৈ নদীৰ নিৰ্মীয়মান মথাউৰিৰ বান্ধ এই বাঢ়নী পানীৰ প্ৰকোপত আকৌ ভাগি ছেঙেলীয়াঝাৰ, লোক্ৰাইৰ বৃহত্তৰ অঞ্চল জলমগ্ন কৰি তোলে।
আজি ছিপাঝাৰ সমষ্টিৰ লোক্ৰাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই শʼলপামৰ নৱনিৰ্মিত মথাউৰিৰ বান্ধ পৰ্যবেক্ষণ কৰি ৰাইজে যাতে আহুকালৰ পৰা ৰক্ষা পাব পাৰে তাৰ বাবে কিদৰে নিৰ্মাণকাৰ্য পূৰ্ণগতিত কৰি শীঘ্ৰেই কাম সম্পন্ন কৰিব পাৰি সেই বিষয়ে বিভাগীয় অভিযন্তা, ঠিকাদাৰ আৰু কাৰিকৰী বিষয়াৰ সৈতে আলোচনাত মিলিত হয় বিধায়কগৰাকী।ইয়াৰ উপৰিও ঠিকাদাৰ সকলক বিজ্ঞানসন্মত ভাৱে মথাউৰিটো নিৰ্মাণ শীঘ্ৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।