টাওকাক গাঁও পঞ্চায়তৰ অন্তৰ্গত খামলুংত আজি বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অধীনত প্ৰায় দুই লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা ৰাজহুৱা সাংস্কৃতিক কেন্দ্ৰৰ শুভ উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিজেপি চৰাইদেউ জিলাৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সোণাৰি উন্নয়ন খণ্ডৰ খন্ড উন্নয়ন বিষয়া ৰেনু দেউৰী, বিজেপিৰ ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ, টাওকাক পঞ্চায়তৰ সভানেত্ৰী নিতুমনি প্ৰধান, জিলা চাহ মৰ্চাৰ সম্পাদক উমাকান্ত তাছা, সোনাৰি মন্ডলৰ সভাপতি অভিজিত চেলেঙৰ লগতে দলীয় কাৰ্যকৰ্তা সকল ।