“এখন সমাজ সু-শৃংখলিত হৈ চলিবলৈ সৎ মানুহৰ প্ৰয়োজন। মানুহ সৎ হ’বলৈ হ’লে সৰল, বিনয়ী, নম্ৰ আৰু সু-শিক্ষিত হ’ব লাগিব। কিন্তু বৰ্তমান সময়ত সু-শিক্ষিত মানুহ সৃষ্টি কৰাটোৱেই আটাইতকৈ টান কাম”- এই মন্তব্য পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দুলু শইকীয়াৰ ৷ শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ২০২২-২৪ বৰ্ষৰ নৱাগত আদৰণী সভাৰ মুকলি সভা উদ্ধোধন কৰি দিয়া ভাষণত অধ্যক্ষা শইকীয়াই এইদৰে মন্তব্য কৰি বৰ্তমানৰ প্ৰতিজন শিক্ষাৰ্থীকে সু-শিক্ষিত হবলৈ আহ্বান জনায়।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত সমূহীয়া চাফাই কৰা পাছতে গছপুলি ৰোপন, স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়৷ ইয়াৰ পাছতে পতাকা উত্তোলন কৰে এই মহাবিদ্যালয়ৰে পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভোলানাথ গগৈয়ে। পুৱা ৯ বজাত নৱাগতসকলক আৰতিয়ে উৰুলি দি আদৰণি জনোৱা লগতে ১০.৩০ বজাত বন্তি প্ৰজলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য পূৰ্ণ লাহনে৷ ইয়াৰ পাছতে দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাখন পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দুলু শইকীয়াই উদ্বোধন কৰে ৷
শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই সভাপতিত্ব কৰা সভাখনত মহাবিদ্যালয় পৰিচালনা সমিতি সভাপতি পূৰ্ণানন্দ গগৈয়ে সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখি কয় যে-“এই যুগ হ’ল বৌদ্ধিক যুগ। মগজুৰ যুদ্ধৰ যুগ। মগজুৰ উৎকৰ্ষ সাধন কৰিব পৰা সকলহে এতিয়াৰ যুদ্ধত যুঁজিব পাৰিব।” উল্লেখ্য যে, এই সভাৰ বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তাসকলৰ বক্তব্যৰ মাজে মাজে- প্ৰথম আৰু তৃতীয় ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে কংকণা লেখাৰু, অভিজিত দাস, অনুজ কুমাৰ দাস, বিতুপন দাস আৰু প্ৰথম ষান্মাষিকৰ ছাত্ৰী তৃষ্ণা পেগু, জনাদন ফুকনৰ লগতে এই মহাবিদ্যালয়ৰে প্ৰশিক্ষক অসীম জ্যোতি গগৈয়ে গীত পৰিৱেশন কৰি সকলোকে মনোৰঞ্জন দিয়ে।
ইয়াৰ উপৰিও আজিৰ নৱাগত আদৰণী সভাৰ মূল সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক যুক্তি ৰত্ন শইকীয়াই, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে এই মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য পূৰ্ণ চুতীয়া ৷ অনুষ্ঠানৰ শেষত ন-পুৰণি প্ৰশিক্ষাৰ্থী সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্টিত হোৱাৰ পাছতে সফলতাৰে সামৰণি পৰে আদৰণী সভাৰ ৷ ইফালে অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্রশিক্ষক, কৰ্মচাৰী সকলৰ লগতে প্রশিক্ষার্থী সকল উপস্থিত থাকে।