সোণাৰিত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে প্ৰদৰ্শনীৰ আয়োজনভা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্তেম্বৰৰ পৰা ২অক্টোবৰলৈ চলি থকা সেৱা পষেক কাৰ্যসূচীৰ অংশ হিচাপে আজি সোণাৰিস্থিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা কৃষান মৰ্চাৰ সহযোগত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ ওপৰত এখনি প্ৰদৰ্শনি অনুষ্ঠিত হয়। প্ৰদৰ্শনি খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । তেখেতৰ লগত সহযোগিতা কৰে বিজেপি চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক স্ৱাক্ষৰজ্যোতি গগৈ, চৰাইদেউ জিলাৰ কৃষাণ মৰ্চাৰ বিষয় ববীয়া সকলৰ লগতে মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিংকে প্ৰমূখ্যে কৰি শতাধিক দলীয় কাৰ্যকৰ্তাই।