সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন 
 তামুলপুৰ আঞ্চলিকৰ অষ্টম দ্বি - বাৰ্ষিক অধিবেশন আৰু শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠানৰ সফল সমাপ্তি ।

আজি অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন তামুলপুৰ জিলা সমিতিৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন আৰু অভিনন্দন অনুষ্ঠানৰ সফল সামৰণি পৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত তামুলপুৰ আঞ্চলিক সমিতিৰ সভাপতি ভূপেন কলিতাৰ সভাপতিত্বত  অনুষ্ঠিত  মুকলি সভা আৰু অভিনন্দন অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ১০৫ গৰাকী  শিক্ষাৰ্থীক মানপত্ৰ, ফুলাম গামোছা, আৰু গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । তামুলপুৰ আঞ্চলিকৰ সম্পাদক হিতেন পাঠকে আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰতুল কলিতাই।

সভাত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সভাপতি ডাঃ ৰমেন কুমাৰ কাকতিয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে । ভাষণ প্ৰসংগত ডা: ৰমেন কুমাৰ কাকতিয়ে বৰ্তমান সময়ত কলিতা জনগোষ্টীৰ সমস্যা আৰু সংকট সম্পৰ্কে বিস্তৃত ভাষণ আগবঢ়ায়। এটি প্ৰাচীন জনগোষ্টী হিচাপে কলিতা জনগোষ্টী আজি লাঞ্চিত বঞ্চিত। নায্য প্ৰাপ্তি আৰু নিজৰ অধিকাৰৰ বাবে কলিতা জনগোষ্টী সংগ্ৰাম কৰি জীয়াই থাকিব লগাহোৱা বিষয়টো দুৰ্ভাগ্যজনক। উক্ত
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে  উপস্থিত থাকি  বিটিআৰৰ মনোনিত সদস্য হেমন্ত কুমাৰ ৰাভাই কয় - যে বিটিআৰৰ পৰা  ছাত্ৰ - ছাত্ৰী সকলৰ বাৱে 'অঞ্চায় বিথাংখি' নামৰ আচনিৰ জৰিয়তে ৫০০০ টকাৰ আৰ্থিক সাহাৰ্য বিতৰণ কৰাৰ ব্যৱস্থা আছে। এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি ছাত্র ছাত্ৰী সকলে শৈক্ষিক দিশত আগবাঢ়িব পাৰে।অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়া, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক  পূৰ্ণ ডেকা, আৰু বিটিআৰৰ মনোনিত সদস্য অৰ্পণা মেধিও ভাষণ ৰাখে ।সম্বৰ্ধনা অনুষ্ঠানত তামুলপুৰ জিলা সমিতিৰ সভাপতি বিশ্বজিত ডেকা, স: অ: ক:  আ: জ: সৰ সংগঠনিক সম্পাদক বিপুল চন্দ্ৰ  লহকৰ, প্ৰচাৰ সম্পাদক নৃপেন বৰা, সহ: সম্পাদক নয়ন কলিতা,  আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সভাপতি আনন্দ ৰামচিয়াৰী উপস্থিত থাকে। ইতিমধ্যে আগন্তক দুবছৰৰ বাবে গৌতম কলিতাক সভাপতি আৰু উৎপল মহন্তক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।