২০০৮ চনৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল। 

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

আন ১০ অভিযুক্তৰো পূৰ্বৰ ৰায় বাহাল ৰাখিলে ন্যায়ালয়ে। আন ৪ অভিযুক্তক অপৰাধমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ।

২০০৮ চনৰ ৩০ অক্টোবৰত অসমৰ গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত নিষিদ্ধ জনজাতীয় বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বিস্ফোৰণত কমেও ৮৮ জন লোক নিহত হোৱাৰ লগতে আন ৫৪০ জন আহত হৈছিল।

ইয়াৰ পূৰ্বে ২০১৯ চনত গুৱাহাটীৰ বিশেষ চিবিআই আদালতে ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

আই পি চিৰ বিভিন্ন ধাৰা অনুসৰি ২০১৯ চনৰ ২৮ জানুৱাৰীত এই গোচৰত দৈমাৰীসহ ১৪ জন অভিযুক্তক চিবিআই আদালতে দোষী সাব্যস্ত কৰিছিল।

২০২০ চনত কেন্দ্ৰৰ সৈতে হোৱা শান্তি আলোচনাত অংশ ল’বলৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল দৈমাৰীক।

অসম চৰকাৰে আদালতত তেওঁৰ জামিন আবেদনৰ বিৰোধিতা নকৰাৰ বাবে তেওঁক গৌহাটী উচ্চ ন্যায়ালয়ে ৪ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।