নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিলেলৰ অস্থায়ী খালাছী শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ ৷

দীৰ্ঘদিনৰ পৰা মাৰ্কেটিং টাৰ্মিনেল অস্থায়ী শ্ৰমিক হিচাপে শ্ৰম কৰি অহা শ্ৰমিক সকলক বঞ্চিত কৰি বহিৰাগত শ্ৰমিকক নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই সংগোপনে স্থায়ী নিযুক্তিৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰোপৰি পূৰ্বৰ শ্ৰমিক ইউনিয়নক নশ্চাৎ কৰি নতুনকৈ এক স্বাৰ্থান্বেষী চক্ৰই খালাচী সন্থা গঠন কৰি বেনাৰ লগোৱা কাৰ্যক ধিক্কাৰ দিয়ে ৷ শীঘ্ৰেই দীৰ্ঘদিনৰ পৰা খালাছী কাম কৰা শ্ৰমিকক স্থায়ী নিযুক্তি , বহিৰাগত শ্ৰমিকৰ মকৰল বাতিল কৰাৰ লগতে পাবত গজা খালাছী সন্থা ভংগৰ দাবী জনাইছে খালাছী শ্ৰমিক সকলে ৷ অন্যথা নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰিব বুলি সকীয়াই খালাছী শ্ৰমিক সকলে ৷