অসম আৰক্ষীক স্মাৰ্ট কৰাৰ লক্ষ্যৰে এইবাৰ দীক্ষা দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ ৯ আৰু ১০ অক্টোবৰত দেৰগাঁৱত অনুষ্ঠিত হ’বলগীয়া অসম আৰক্ষীৰ এছ পি সন্মিলনত অংশ লৈ গৃহমন্ত্ৰী শ্বাহে আৰক্ষী বাহিনীক বিভিন্ন উপদেশ প্ৰদান কৰিব, স্মাৰ্ট পুলিচ হোৱাৰ কৌশল শিকাব৷ ৰাজ্যৰ সকলো শীৰ্ষ আৰক্ষী বিষয়াই অংশ ল’বলগীয়া আৰক্ষী অধীক্ষক সন্মিলনত সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ নেচনেল ক্ৰাইম ৰেক’ড ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদনত অসমত অপৰাধৰ হাৰ বৃদ্ধিৰ উদ্বেগজনক তথ্য প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিততে গৃহমন্ত্ৰী অমিত শ্বাহে আৰক্ষী বাহিনীক স্মাৰ্ট পুলিচিঙৰ সন্দৰ্ভত দীক্ষা প্ৰদান কৰিব৷ অসম আৰক্ষীৰ আধুনিকীকৰণৰ নামত ২০২০-২১ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত প্ৰায় ২০০ কোটি টকা ব্যয় কৰাৰ পাছতো অসম আৰক্ষীৰ স্মাৰ্ট নোহোৱাৰ লগতে অপৰাধ নিয়ন্ত্ৰণতো ব্যৰ্থ হৈছে৷ এন চি আৰ চিৰ তথ্য মতে নাৰীজনিত অপৰাধৰ হাৰৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষ আছে৷ আনকি শেহতীয়াকৈ অসম আৰক্ষীয়ে জিম্মাত থকা অভিযুক্ত নিশা ভাগত সন্দেহজনক এনকাউণ্টাৰত হত্যা তথা গুলীবিদ্ধ কৰা ঘটনাই দেশৰ ভিতৰতে অবাঞ্ছিত অভিলেখ অৰ্জন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক জনসাধাৰণৰ ওচৰ চাপি যাবলৈ বাৰম্বাৰ আহ৩ান জনোৱাৰ পাছতো যান-বাহন আৰক্ষীয়ে মটৰচাইকেল আৰোহীক সাধাৰণ আইন উলংঘন কৰাৰ অপৰাধতে ৰাজহুৱা স্থানত মাৰধৰ কৰা ঘটনাই ৰাষ্ট্ৰীয় সংবাদ শিৰোনামো দখল কৰিছে৷ তদুপৰি এপিএছচিৰ জৰিয়তে অনিয়মেৰে বাছনি হোৱা আৰক্ষী বিষয়াই চাকৰি কৰি থাকিবলৈ সক্ষম হোৱাৰ লগতে উৎকোচ লৈ বহু আৰক্ষী বিষয়া জোৱান গ্ৰেপ্তাৰ হোৱা ঘটনায়েও অসম আৰক্ষীৰ মান অৱনমিত কৰিছে৷ এনে প্ৰেক্ষাপটতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্মাৰ্ট আৰক্ষী কেনেকৈ হ’ব পাৰি তাৰ ওপৰত বিশেষভাৱে শিক্ষা দিব অসম আৰক্ষীৰ এছ পি পৰ্যায়ৰ শীৰ্ষ বিষয়াসকলক৷ সেয়েহে ৯ আৰু ১০ অক্টোবৰত দেৰগাঁৱৰ আৰক্ষী বেটেলিয়নৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশ ল’ব গৃহমন্ত্ৰীয়ে৷ গৃহমন্ত্ৰীৰ উক্ত কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিততে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দেৰগাঁৱৰ আৰক্ষী বেটেলিয়নত উপস্থিত গৈ প্ৰস্তুতিৰ বুজ লয়৷ ইফালে গৃহমন্ত্ৰী শ্বাহে আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশ লোৱাৰ পূৰ্বে জ্জ্ব অক্টোবৰত গুৱাহাটীৰ বশিষ্ঠত নতুনকৈ নিৰ্মাণ কৰা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়টোৰ মুকলি কৰিব৷ ইয়াৰ পাছতেই খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৪০ হাজাৰ বিজেপিকৰ্মীয়ে অংশ ল’বলগীয়া ৰাজহুৱা সভাতো সম্বোধন কৰিব অমিত শ্বাহে৷ দলীয় এই দুই কাৰ্যসূচীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডায়েও অংশ ল’ব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mumbai 26/11: कौन थे Hemant Karkare जिनके नाम पर फिर गरमाई देश की सियासत? Congress ने लगाए ये आरोप
Mumbai 26/11: कौन थे Hemant Karkare जिनके नाम पर फिर गरमाई देश की सियासत? Congress ने लगाए ये आरोप
शाळकरी मुलीचा जबरदस्त डान्स, व्हिडिओ होतोय व्हायरल | Dance Video Viral | Hpn Marathi News
शाळकरी मुलीचा जबरदस्त डान्स, व्हिडिओ होतोय व्हायरल | Dance Video Viral | Hpn Marathi News
પાવીજેતપુર તાલુકાના નાની રાસલી ગામે સરકારી જમીન ઉપર બનાવેલ બે પાકા મકાનો ઉપર બુલડોઝર ફેરવાયું
પાવીજેતપુર તાલુકાના નાની રાસલી ગામે સરકારી જમીન ઉપર બનાવેલ બે પાકા મકાનો ઉપર બુલડોઝર...
Prajwal Revanna Case: प्रज्वल रेवन्ना के कथित यौन शोषण के वीडियो वितरित करने के मामले में SIT की बड़ी कार्रवाई, मामले में दो गिरफ्तार
बेंगलुरु। कर्नाटक के चर्चित प्रज्वल रेवन्ना अश्लील वीडियो मामले की जांच कर रही एसआईटी...