মঙলবাৰে নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলত অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নৰ নুমলীগড় শাখাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ শাৰদীয় দুৰ্গা পূজাত দশমীৰ লগতে নৱমীৰ দিনটো দুদিনৰ বন্ধ ঘোষনাৰ বাবে দাবী জনায় ৷ শোধনাগাৰ কৰ্তৃপক্ষই মাত্ৰ দশমীৰ দিনটোত বন্ধ ঘোষণা কৰাত জাঙুৰ খাই উঠিছে মজদুৰ ইউনিয়ন ৷ শীঘ্ৰেই দুদিনৰ বন্ধ ঘোষনাৰ বাবে এঘন্টাৰ বিক্ষোভ কাৰ্যসুচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷