এয়া যেন বিনামেঘে বজ্ৰপাত৷ বিজেপি বা কোনো শক্তিশালী বিৰোধীৰ ষড়যন্ত্ৰ অবিহনে পতন ঘটিবলৈ আগবাঢ়িছে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰ৷ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত অশোক গেহলট নেতৃত্বাধীন ৰাজস্থান চৰকাৰৰ যিকোনো মুহূৰ্ততে পতন ঘটাৰ আশংকাৰ সৃষ্টি হৈছে৷ কিয়নো অশোক গেহলটক একেলগে কংগ্ৰেছৰ সভাপতি আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰি ৰখাৰ দাবীত কংগ্ৰেছ হাই কমাণ্ডক সৈমান কৰিব নোৱাৰি গেহলটপন্থী ৯২জন বিধায়কে পদত্যাগ কৰিছে৷ তেওঁলোকে ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ হাতত দাখিল কৰিছে পদত্যাগপত্ৰ৷ কংগ্ৰেছ হাইকমাণ্ডে বিচাৰিছিল, যদিহে অশোক গেহলট কংগ্ৰেছৰ ৰাষ্ট˜ীয় সভাপতি পদত অধিষ্ঠিত হয় তেন্তে ‘এক ব্যক্তি, এক পদ’ নীতিৰ আধাৰত গেহলটে মুখ্যমন্ত্ৰিত্ব ত্যাগ কৰক আৰু তেওঁৰ স্থানত যুৱ নেতা শচীন পাইলট ৰাজ্যখনৰ চৰকাৰৰ মুৰব্বী হওক৷ পিছে গেহলটৰ সমৰ্থনত থকা ৯২ জন বিধায়কে শচীন পাইলটক সমৰ্থন জনোৱা নাই৷ তাৰ বিপৰীতে তেওঁলোকে ‘এক ব্যক্তি এক পদ’ নীতিৰ ক্ষেত্ৰত ৰেহাই বিচাৰিছে আৰু গেহলটকে কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতিৰ সমান্তৰালভাৱে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ অনুমতি দিবলৈ দাবী জনাইছে৷ পিছে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ হাইকমাণ্ড এই প্ৰস্তাৱত সন্মত নোহোৱাত দেওবাৰে নিশা ৯ বজাত ৯২ জন গেহলটপন্থী বিধায়কে ৰাজস্থান বিধানসভাৰ অধ্যক্ষৰ ওচৰত পদত্যাগপত্ৰ দাখিল কৰে৷ কংগ্ৰেছৰ বিদ্ৰোহী বিধায়কসকলে কৈছে– ২০২০ চনত শচীন পাইলটে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ তেতিয়া গেহলটে কোনোমতে চৰকাৰখন ৰক্ষা কৰিছিল৷ অন্যথা বিজেপিয়ে ৰাজস্থান নিশ্চিতভাৱে দখল কৰিলেহেঁতেন৷ সেই ক্ষেত্ৰত শচীন পাইলটে বিজেপিক সুযোগ সৃষ্টি কৰি দিছিল৷ সেয়ে গেহলটপন্থী বিধায়কৰ দাবী, তেওঁলোকক শচীন পাইলটক মুখ্যমন্ত্ৰী হিচাপে নালাগে আৰু তেওঁক মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে নামানে৷ সেয়ে অশোক গেহলটক ৰাষ্ট˜ীয় সভাপতিৰ লগতে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পদতো অধিষ্ঠিত হৈ থাকিবলৈ অনুমতি দিয়াৰ দাবীত ৯২জন বিধায়কে পদত্যাগ কৰে৷ ৰাজস্থান কংগ্ৰেছত সৃষ্টি হোৱা অচলাৱস্থাৰ শীঘ্ৰেই অৱসান নঘটিলে অৱধাৰিতভাৱে ভাগি পৰিব ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰ৷ তেনে পৰিস্থিতিত ৰাজস্থানত বিজেপিয়ে হাঁহি হাঁহি চৰকাৰ গঠন কৰিব পাৰিব৷ কাজেই বিজেপিৰ শাসনলৈ আহিব আন এখন ৰাজ্য৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विरोधी पक्षनेते अंबादास दानवे यांच्या कन्नड शहरात जंगी स्वागत.
कन्नड शहरात शिक्षक पतसंस्था पिशोर रोड कन्नड येथे अंबादास दानवे यांची विधानपरिषदेच्या...
Harshada Sawant के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
Harshada Sawant के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
નવ બાળકોની માતાને ત્રાસ આપતા 181 મહીલા અભયમ ટીમ મદદે આવી
નવ બાળકોની માતા હોવા છતાં પતિનો શારીરિક, માનસિક ત્રાસ ગુજારતા કંટાળીને મહિલાએ હાલોલ 181...
ಸೊಮಾಲಿಯಾ ದೇಶದ ರಾಜಧಾನಿ ಮೊಗದಿಶು ನಗರದಲ್ಲಿ ಬಾಂಬ್ ದಾಳಿ : ಮೂವರು ಸೈನಿಕರು ಮೃತ
ಸೊಮಾಲಿಯಾ ದೇಶದ ರಾಜಧಾನಿ ಮೊಗದಿಶು ನಗರದಲ್ಲಿ ಶುಕ್ರವಾರ ರಾತ್ರಿ ಬಾಂಬ್ ದಾಳಿ ನಡೆದಿದೆ. ದಾಳಿಯಲ್ಲಿ ಮೂವರು...
মাজুলীত উপস্থিত মন্ত্ৰী sanjoy kishan
Bharatiya Janata Party (BJP) মাজুলী জিলাৰ বিশেষ সাংগঠনিক সভা জিলা সভাপতি মাননীয় শ্ৰীযুত...