শিক্ষানুষ্ঠানৰ উন্নয়নৰ বাবে প্ৰাক্তন শিক্ষাৰ্থী তথা বিভিন্ন ব্যক্তিৰ পৰা অনুদান সংগ্ৰহ কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ‘বিদ্যাঞ্জলি-২.০’ আঁচনিলৈ অসমৰ বিভিন্নজনে সহায়ৰ হাত আগবঢ়োৱা দেখা গৈছে৷ বিদ্যাঞ্জলি আঁচনিৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পৰা অনুদান লোৱাৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীলৈ শিক্ষা বিভাগে পত্ৰ প্ৰেৰণ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ৰাজকোষত ধনৰ নাটনিৰ বাবেই চৰকাৰে এনেদৰে ৰাইজৰ পৰা দান বিচাৰি শিক্ষানুষ্ঠানৰ অভাৱ-সমস্যাৰ জোৰা-টাপলি মৰাৰ চেষ্টা চলাইছে বুলিও বিভিন্নজনে সমালোচনা কৰা দেখা গৈছিল৷ অৱশ্যে এনে সমালোচনাৰ পাছতো বিদ্যাঞ্জলি আঁচনিৰ জৰিয়তে শিক্ষানুষ্ঠানলৈ দান আগবঢ়োৱাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম৷ অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বিদ্যাঞ্জলি প’ৰ্টেলত দান দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰি বৰ্তমানলৈ অসমৰ ২৯,৬০২জন স্বেচ্ছাসেৱকে পঞ্জীয়ন কৰিছে৷ এইসকল স্বেচ্ছাসেৱকৰ পৰা বিভিন্ন চৰকাৰী তথা প্ৰাদেশীকৃত বিদ্যালয়ে ২৭,০২২খন চিলিংফেন দান লাভ কৰিছে৷ ইয়াৰোপৰি অন্যান্য ৯,২৩৯ বিধ সম্পত্তি তথা সামগ্ৰীও দান কৰিছে স্বেচ্ছাসেৱক সকলে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰীয়ে বিদ্যাঞ্জলি আঁচনি আৰম্ভ কৰিলেও অসমত পূৰ্বৰে পৰা বিভিন্নজনে নিজেই পঢ়ি যোৱা শিক্ষানুষ্ঠান তথা স্থানীয় শিক্ষানুষ্ঠানক বিভিন্ন সামগ্ৰী অনুদান আগবঢ়াই আহিছে৷ অৱশ্যে বিদ্যাঞ্জলি আঁচনিৰ প্ৰতি ৰাইজৰ সঁহাৰি দেখি এইবাৰ সমাজ কল্যাণ বিভাগে বিভিন্ন ঠিকাদাৰৰূপী এন জি অ’ক অংগনৱাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অনুদান বিচৰা দেখা গৈছে৷ ঠিকাদাৰৰ পৰা সমাজ কল্যাণ বিভাগে অনুদান বিচৰাত একাংশ ঠিকাদাৰে ক্ষোভ ব্যক্ত কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'Speaker smiled, invited for tea…': Rahul Gandhi on speaking in Parliament
Rahul Gandhi, his first press briefing day after being disqualified as MP, alleged that Lok Sabha...
સ્વચ્છતા હી સેવા’ અભિયાન અંતર્ગત નગરપાલિકા પ્રમુખે મુખ્ય બજારની સફાઈ કરી
સ્વચ્છતા હી સેવા’ અભિયાન અંતર્ગત આજ રોજ સુરેન્દ્રનગર જિલ્લામાં અમદાવાદ પ્રાદેશિક કમિશ્નરની...
ઈકોગાડી માં ગુપ્તખાનું બનાવી ઊંચી બ્રાન્ડ દારૂ ની બોટલો લઈ જતા એક શખ્સ ને એલસીબી ની ટીમે ઝડપી લીધો
ઈકોગાડી માં ગુપ્તખાનું બનાવી ઊંચી બ્રાન્ડ દારૂ ની બોટલો લઈ જતા એક શખ્સ ને એલસીબી ની ટીમે ઝડપી લીધો