কৃষকৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ধান ক্ৰয়ৰ ব্যৱস্থাত সংঘটিত অনিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

বিভিন্ন ধান ক্ৰয় কেন্দ্ৰত প্ৰকৃত কৃষকক বঞ্চিত কৰি একাংশ মধ্যভোগী, ব্যৱসায়ী আৰু ভুৱা কৃষকে ধান বিক্ৰী কৰাৰ সুবিধা গ্ৰহণৰ ক্ষেত্ৰত উত্থাপিত অভিযোগক লৈ ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে সভাপতি ৰিপুণ বৰাই।

এক বিবৃতিত বৰাই একাংশ সংবাদ মাধ্যমত নগাঁও জিলা এফচিআইৰ অধীনত সংঘটিত অনিয়মৰ প্ৰসংগ উল্লেখ কৰি দোষী বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

উল্লেখ্য যে 'ইনফৰনেশ্যন ফ'ৰাম' নামৰ সংগঠনৰ সম্পাদক নৰেন্দ্ৰ চৌহান নামৰ ব্যক্তিগৰাকীৰ আৰটিআই আবেদনৰ উত্তৰত লাভ কৰা তথ্যত নগাঁও জিলাৰ বিভিন্ন ধান ক্ৰয় কেন্দ্ৰত চলিত বৰ্ষৰ ২২ এপ্ৰিল পৰ্যন্ত কৰা ধান ক্ৰয়ত ১০ শতাংশও প্ৰকৃত কৃষক উপকৃত নোহোৱাৰ বিস্ফোৰক তথ্য সদৰি হৈছে। 

'ভুৱা কৃষকৰ দপদপনিত প্ৰকৃত সাধাৰণ কৃষকসকলে এফচিআইৰ ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰীত ব্যৰ্থ হৈ উভতি যাবলগীয়া হোৱাৰ আঁৰত একাংশ বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। নিজকে ক্ষমতাশালী বুলি দাবী কৰি অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তথাকথিত স্বচ্ছতাৰ দিনত দীৰ্ঘদিন ধৰি এনে কৃষকবিৰোধী কাণ্ড কেনেদৰে সংঘটিত হৈ থাকিব পাৰিছে, এয়া চিন্তনীয়। শীঘ্ৰেএই বিষয়ত বিতং তদন্ত জৰি সন্মানীয় কৃষকসকলক ন্যায্যতা দিবলৈ আমি অসম তৃণমূল কংগ্ৰেছ দলে দাবী জনাইছো,' বৰাৰ মন্তব্য।

অসম তৃণমূল কংগ্ৰেছ থাকোতে কৃষক সকলক কোনো ক্ষেত্ৰতে বঞ্চিত কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দি সভাপতি বৰাই এই ক্ষেত্ৰত ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ দলীয় সতীৰ্থসকলক কৃষকৰ কাষত থিয় তেওঁলোকৰ মৰ্মবেদনাৰ বুজ ল'বলৈ আহ্বান জনায়।