শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰা জম্মু-কাশ্মীৰৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে আজি জম্মুত নিজৰ নতুন দলৰ নাম ঘোষণা কৰিছে। 

তেওঁ ঘোষণা কৰা দলটোৰ নাম হৈছে ‘ডেম’ক্ৰেটিক আজাদ পাৰ্টি’। তদুপৰি আজাদে দলৰ পতাকাও উন্মোচন কৰে। 

গুলাম নবী আজাদে কয় যে, মোৰ নতুন দলটোৰ বাবে আমালৈ প্ৰায় ১৫০০ নাম উৰ্দু, সংস্কৃতত পঠোৱা হৈছিল। হিন্দী আৰু উৰ্দুৰ সংমিশ্ৰণে হৈছে ‘হিন্দুস্তানী’। আমি বিচাৰিছিলো নামটো গণতান্ত্ৰিক, শান্তিপূৰ্ণ আৰু মুক্ত হওক।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি বিগত ২৬ আগষ্টত ৰাষ্ট্ৰীয় ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ নেতা গোলাম নবী আজাদে কংগ্ৰেছ দল ত্যাগ কৰিছিল।