প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল ষাঠিটা বৰ্ষ অতিক্ৰম কৰা নদীদ্বীপ মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথমখন অনুষ্ঠান মাজুলী মহাবিদ্যালয়ে ২০১৬ চনৰ ৮ অক্টোবৰৰ পৰা মহাবিদ্যালয়খনৰ পুথিভঁৰাললৈ গ্রন্থসংগ্ৰহৰ বাবে ৰূপায়ণ কৰি অহা 'গ্ৰন্থদান মহান দান' কাৰ্যসূচীত অংশ গ্ৰহণ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ লোকে মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ দানস্বৰূপে আগবঢ়োৱা গ্ৰন্থৰ সংখ্যা ইতিমধ্যে বাইছ হাজাৰৰ অধিক হৈছেগৈ। এই কার্যসূচীত অংশ গ্ৰহণ কৰি মাজুলী মহাবিদ্যালয়ৰ কৰ্মচাৰী পদ্মেশ্বৰ শইকীয়া আৰু তেওঁৰ পুত্ৰ শইকীয়াই মহাবিদ্যালয়ৰ অতুল চন্দ্ৰ গোস্বামী গ্ৰন্থাগাৰলৈ গ্ৰন্থ ক্ৰয়ৰ উদ্দেশে নগদ বিশ হাজাৰ টকা আগ বঢ়ায়। দাতা কৰ্মচাৰীগৰাকীৰ পৰা দান গ্ৰহণ আৰু তেওঁক কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে আজি মহাবিদ্যালয় সভাকক্ষত দিনৰ ১২ বজাৰ পৰা আয়োজিত এখন সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ হাতত দাতা পদ্মেশ্বৰ শইকীয়াই উক্ত ধনৰাশি প্ৰদান কৰে। সভাখনত সভাপতিত্ব কৰি অধ্যক্ষ ডঃ শইকীয়াই মহাবিদ্যালয়খনৰ প্ৰতি কৰ্মচাৰীগৰাকীয়ে প্ৰদৰ্শন কৰা মহনুভৱতা তথা বদান্যতাক বিশেষভাৱে শলাগ লয়। অধ্যক্ষগৰাকীয়ে কয়, পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ দান হৈছে জ্ঞান আৰু সেই জ্ঞানৰ ভঁৰাল হৈছে গ্ৰন্থ ৷এতেকে, গ্ৰন্থ দান কৰাৰ যোগেদি মহাবিদ্যালয়খনৰ দৰিদ্ৰ শিক্ষাৰ্থীৰ উপকাৰ সাধনৰ কথা চিন্তা কৰি পদ্মেশ্বৰ শইকীয়াই এক অত্যন্ত আদৰ্শমূলক কৰ্ম সম্পন্ন কৰিলে। সভাত মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, অধ্যাপক অনিল চন্দ্ৰ হাজৰিকা, প্ৰশান্ত শইকীয়া, মহাবিদ্যালয় অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ দেৱভূষণ বৰা, অধ্যাপিকা গীতাৰাণী গোস্বামী, কৰ্মচাৰী গোটৰ উপদেষ্টা গোবিন বৰুৱা, সভাপতি পদ্মধৰ বৰুৱা, সম্পাদক দীনকান্ত হাজৰিকা, উৎপল বৰুৱা প্ৰমুখ্যে উপস্থিত থকা লোকসকলে বিশিষ্ট ব্যক্তিজনৰ মহানুভৱতাক বিশেষভাৱে প্ৰশংসা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দুশ ফুট উচ্চতাৰ মোবাইল টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা যুৱকৰ
পাৰিবাৰিক মানসিক অশান্তিৰ বাবেই লাহোৱালৰ ঘোৰামৰাত এজন যুৱকে আত্মহত্যাৰ চেষ্টা চলায়। গাঁৰ নোম...
Reliance Jio और Airtel की बढ़ी हुई कीमत आज से लागू, 25 प्रतिशत तक महंगे हुए रिचार्ज प्लान
Reliance Jio और Airtel के आज से बढ़े हुए टैरिफ प्लान लागू हो रहे हैं। जियो ने अपने रिचार्ज 25...
Chugh fires Abdullah, Mufit for politicising Amit Shah remarks on AFSPA || Abdullahs, Muftis frustrated with the Modi govt's development policies : Chugh || No one can stop Lotus to bloom in every house of J&K : Chugh
BJP national general secretary and party incharge for J&K, Tarun Chugh Thursday...
Karnataka Election Results 2023 Live News: 'कर्नाटक में बंद हुई नफरत की दुकान, खुल गया मोहब्बत का बाजार'; राहुल गांधी का भाजपा पर तंज
Karnataka Assembly Election Results 2023 Live News Updates कर्नाटक विधानसभा की सभी 224 सीटों...
આજની બચત કાલનું ઉજ્જવળ ભવિષ્ય
➡️ આજની બચત કાલનું ઉજ્જવળ ભવિષ્ય...
આપણાં દેશમાં વ્યાજનો દર તબક્કાવાર ઘટતો જાય છે. અને હજું...