*আজি দৰঙত আক্ৰান্ত ১৮ জন*মঙ্গলদৈ, ১ আগষ্ট: ৰাজ্যৰ সমান্তৰালকৈ দৰঙটো বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। আজিৰ দিনটোত জিলাখনৰ ১৮ জন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ ৰ উপস্থিতি।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

পহিলা জুলাইৰ পৰা আজিলৈকে জিলাখনৰ ৪২৬ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। ১১২ জন আক্ৰান্ত নিজ ঘৰতেই আচুতীয়াকৈ থকাৰ বিপৰীতে এজনকৈ লোক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ আই চি ইউত আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।আনহাতে ৩০৯ জন আক্ৰান্ত ইতিমধ্যে সুস্থ হৈ উঠিছে। এজন আক্ৰান্তৰ আজি মৃত্যু ঘটিছে । মৃত লোকজন খাৰূপেটিয়াৰ।তেওঁ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ।

দৰঙবাসী ৰাইজক সকলো ধৰণৰ ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে।