আজি ছিপাঝাৰৰ গৰুখুটি দুৰ্গা মন্দিৰৰ সমীপৰ পৰা ননৈ মথাউৰি যʼত অন্ত হৈছে সেই স্থানলৈকে চাৰি কিলোমিটাৰ মথাউৰি সহ ৰঙামাটিৰ পৰা কুৰুৱা সংযোগী ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ কাম শুভাৰম্ভণি হয়। 

শুভাৰম্ভণি কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।

এই পথ নিৰ্মাণ সফল ৰূপায়ণ হোৱাৰ পাছত পৰিবহণ সুগম হৈ অঞ্চলটোত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হʼব বুলি আশাবাদী বিধায়কগৰাকী।