আজি ছিপাঝাৰ বিধানসভা সমষ্টিৰ সানোৱাস্থিত Madrassa Isha-Atul Uloom ত দৰং জিলা স্বাস্থ্য সেৱা সমিতি আৰু ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত স্বাস্থ্য সেৱা অভিযানৰ কাৰ্যক্ৰমৰ অন্তৰ্গত এটি বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়।
সমগ্ৰ অসমতে স্বাস্থ্য সেৱা অভিযানৰ অধীনত এইধৰণৰ কাৰ্যসূচী ৰূপায়িত হৈ আছে।
এই স্বাস্থ্য শিবিৰটোত বিশেষজ্ঞ চিকিৎসকসকলে স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লগতে কুষ্ঠ, যক্ষ্মা, পুষ্টিহীনতা আদিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি লোকমানসত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। ইয়াৰ উপৰিও চকু পৰীক্ষা, চচমা প্ৰদান, ঔষধ-পাতিও বিতৰণ কৰা হয়।
সানোৱাস্থিত Madrassa Isha-Atul Uloom ত আয়োজিত হোৱা এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে।