নুমলীগড়ৰ কমাৰগাঁৱত জনস্বাস্থ্য কাৰীকৰি বিভাগৰ পাম্প অপাৰেটৰ তীব্ৰ প্ৰতিবাদ :হিমন্ত বিশ্ব শৰ্মা হায় হায় ধ্বনি 

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰিছে জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বোকাখাত মহকুমাৰ পাম্প অপাৰেটৰ সকল। এই দৃশ্য নুমলীগড়ৰ কমাৰগাঁৱৰ পাৰঘাট পানীযোগান আঁচনিৰ। উল্লেখ্য যে পাম্প অপাৰেটৰ সকলে বিনা বেতনে দীৰ্ঘদিন কাম কৰি অহাৰ পাছত হঠাৎ ৰাজ্য চৰকাৰ জনস্বাস্থ্য কাৰীকৰি বিভাগে প্ৰতিটো পানী যোগান আঁচনিৰ অধীনত একোখনকৈ উপভোক্তা সমিতি গঠন কৰি সেই সমিতিখনৰ অধীনত পাম্প অপাৰেটৰ সকলক নিযুক্তি দিব বিচৰাত জাঙুৰ খাই পৰিছে এই সকল প্ৰতিবাদ কাৰী। ফলত আজি নুমলিগড়ৰ কমাৰগাঁৱৰ পাৰঘাট পানীযোগান আঁচনিত বোকাখাত মহকুমাৰ পাম্প অপাৰেটৰ সকল একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিভাগীয় মন্ত্ৰী হায় হায় ধবনি দি সমগ্ৰ পৰিবেশ উত্থাল কৰি তোলে।