চিচিবৰগাঁৱত জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ কাৰ্য্যকৰী সভা, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

অসমৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলৰ অন্যতম জাতীয় সংগঠন চুতীয়া জাতি সন্মিলনৰ জোনাই জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা কালি চিচিবৰগাঁও মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰা হয় । জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি ৰঞ্জিত শইকীয়াই সভাপতিত্ব কৰা সভাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধ শতাধিক লোকে অংশগ্ৰহণ কৰে । সভাত সংগঠনটোৰ সাংগঠনিক দিশত বিশদ আলোচনা কৰাৰ উপৰিও চিচিবৰগাঁৱত এখন চুতীয়া জনগোষ্ঠীৰ বৌদ্ধিক সন্মিলন অনুষ্ঠিত কৰাৰ ওপৰত আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাত জোনাই জিলা চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা ক্ৰমে হেমচন্দ্ৰ শইকীয়া, পূৰ্ণচন্দ্ৰ চুতীয়া, ভাস্কৰ চুতীয়া, মহিলা সন্মিলনৰ সভনেত্রী গুণ চুতীয়া, চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সভাপতি তিম চুতীয়া, সন্মিলনৰ কেন্দ্ৰীয় সদস্য হেমন্ত চুতীয়া, গোপাল বৰা, আশানন্দ চুতীয়া, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য শ্যাম চুতীয়া, ভূপেন চুতীয়াকে ধৰি সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।