চিচিবৰগাঁৱত সদৌ অসম ভিত্তিক টাইকোৱানডো প্ৰতিযোগিতাত ৰূপৰ পদক বিজয়ী ডেভিড থাপাক সম্বৰ্ধনা মেচু অসমীয়া গাঁও মহিলা গাঁওৰক্ষী বাহিনীৰ

 কালি চিচিবৰগাঁও মেচু অসমীয়া গাঁৱৰ ৰাজহুৱা কৃষ্টিভৱনত অলপতে দুলীয়াজানত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্য্যায়ত টাইকোৱাণ্ডো খেলত ৰূপৰ পদক বিজয়ী উদীয়মান টাইকোৱাণ্ডো খেলুৱৈ ডেভিদ থাপাক মেচু অসমীয়া গাঁৱৰ মহিলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱা হয় । সেই উদ্দেশ্যে অনুষ্ঠিত কৰা ৰাজহুৱা সভাত সভাপতিত্ব কৰে গাঁও প্ৰধান সুশীল চুতীয়াই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মেচু অসমীয়া গাঁও মহিলা গাঁওৰক্ষী বাহিনীৰ সভানেত্ৰী পূণ্যলতা চুতীয়াই । ইতিমধ্যে ২০১৮ চনতো একেখন প্ৰতিযোগিতাত চেম্পিয়ন হোৱা, ২০১৮ চনত বড়োলেণ্ড টাইকোৱাণ্ডোৰ চেম্পিয়ন, ২০১৯-২০ চনত বিশ্ববিদ্যালয়ৰ প্ৰতিযোগিতাৰ চেম্পিয়ন, ২০২০ চনত মিনি অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা আৰু আন্তৰ্জাতিক প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰা ডেভিদ থাপাক মেচু অসমীয়া গাঁও মহিলা গাঁওৰক্ষী বাহিনীৰ সদস্যাসকলে তেওঁৰ বাসগৃহৰ পৰা আদৰি আনে আৰু ফুলাম গামোচা, চেলেং আৰু সম্বৰ্দ্ধনা-পত্ৰৰে সম্বৰ্ধনা জনায় । সভাত অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি প্ৰদীপ সেনাপতি, প্ৰধান শিক্ষক বিষ্ণু থাপা, সম্বৰ্দ্ধিত খেলুৱৈজনৰ পিতৃ ধনবাহাদু থাপা, সাংবাদিকদ্বয় মৃদু পৱন চুতীয়া আৰু বনমালী মহন্ত, স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰমিলা গগৈ আদি উপস্থিত থাকি খেলুৱৈজনক অভিনন্দন আৰু সম্ভাষণ জ্ঞাপন কৰি বক্তব্য ৰাখে ।