দুমুনিচকীত শিশু উদ্যান আৰু পূজা বিসৰ্জনথলীৰ মুখ্য তোৰণ উন্মোচন

আজি দুমুনিচকী বাথানত শিশু উদ্যানৰ আধাৰশিলা আৰু পূজা বিসৰ্জনথলীৰ মুখ্য তোৰণ উন্মোচন কৰে মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ । প্ৰয়াত অনন্তদেৱ শৰ্মা সোঁৱৰণী মুখ্য তোৰণৰ শুভ জন্ম উন্মোচনৰ পিছতে ৰূপায়ণ কৰা বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকাই ৷ ইয়াৰ পিছতে উন্মোচিত শিশু উদ্যানখনত এই সন্দৰ্ভত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় ৷ মহিবুদ্দিন খণ্ডকৰ আৰু ৰাজেন চৌধুৰীয়ে আঁত ধৰা এই সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক কিৰণ কাকতি, বেজেৰা মণ্ডল বিজেপিৰ সভাপতি দিলিপ ডেকা,বেজেৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জ্যোতি কুমাৰী, গড়কাপ্তানী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে বিজেপি দলৰ জেষ্ঠ কনিষ্ঠ একাংশ কৰ্মকৰ্তা ।