নুমলীগড়ত মহালয়া উপলক্ষে এক উৎসৱ মুখৰ পৰিবেশ দেখা গৈছে৷

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

নুমলীগড়ত মহালয়া উপলক্ষে এক উৎসৱ মুখৰ পৰিবেশ দেখা গৈছে৷ পুৱতি নিশাৰে পৰা শ শ লোক হিলদ’ল ভাঙি ৰাজ পথলৈ ওলাই আহিছে ৷ মহালয়া উপলক্ষে মৰঙিৰ পোৰাবঙলা , দৈগ্ৰোং , মৰঙি, কানাইঘাট, তেলগৰম আদি পূজা স্থলীত হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে৷ প্ৰতি বছৰে মহালয়াৰ দিনা ভক্ত সকল দৈগ্ৰোং আৰু কানাইঘাটৰ বিসৰ্জন ঘাট এলেকাত আহি ভিৰ কৰে ৷ কিন্তু কৰোনাৰ বাবে বিগত দুটা বছৰ ম্লান পৰিছিল মহালয়াৰ আনন্দ উৎসাহ৷ দুবছৰ মুৰত এইবাৰ মহালয়াৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ দুগুণ উৎসাহেৰে ওলাই আহিল মৰঙিবাসী ৷ অৱশ্যে , ৰাতিপুৱা ছয় বজাৰ পৰা আৰম্ভ হোৱা বৰষুণে মহালয়াৰ আনন্দ উৎসৱত যথেষ্ট বিঘ্নিত কৰিছে৷ নিমিষতে ম্লান পৰি গল মহালয়াৰ আনন্দ ৷ বৰষুণৰ বাবে ইচ্ছা থকা স্বত্বেও বহু লোক ঘৰৰ ভিতৰতে আৱদ্ধ হব লগা হয়।